গুৱাহাটী, ৩০ জুলাই:জল্পনা কল্পনা শেষ হ'ল । অৱশেষত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলৰ পৰা বিদায় ল'লে থাওৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক তথা উজনি অসমৰ প্ৰভাৱশালী যুৱ নেতা সুশান্ত বৰগোঁহায়ে । শুকুৰবাৰে মেইল যোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ । শনিবাৰে সুশান্ত বৰগোহাঁয়ে বিধায়ক পদো ত্যাগ কৰিব । বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত কাইলৈ পদত্যাগ পত্ৰ দাখিল কৰিব বৰ্তমানৰ কংগ্ৰেছ বিধায়ক গৰাকীয়ে ।
আনহাতে ১ আগষ্টত তেওঁ আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিয়াৰ কথা । নিঃসন্দেহে সুশান্তৰ কংগ্ৰেছ ত্যাগ কংগ্ৰেছ দলৰ বাবে পূৰাব নোৱৰা ক্ষতি । বিগত বিধানসভা নিৰ্বাচনত উজনি অসমত মাত্ৰ চাৰিখন আসনহে দখল কৰিবলৈ সক্ষম হৈছিল কংগ্ৰেছ দলে । ইয়াৰে দুগৰাকী বিধায়ক ক্ৰমে ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোঁহায়ে ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰাত কংগ্ৰেছৰ দখলত থাকিল মাত্ৰ নাজিৰা আৰু তিতাবৰ সমষ্টি দুটাহে ।