গুৱাহাটী, 21 অক্টোবৰ :আজি মহাসপ্তমী । বেলবৰণৰ পিচৰে পৰা আৰম্ভ হোৱা দুৰ্গা পূজাৰ আজিৰ দিনটোত প্ৰতিজন দেৱতাক আসনত বহুৱা হয় । মা দুৰ্গাৰ সৈতে যিহেতু গণেশ, কাৰ্তিক, লক্ষ্মী, সৰস্বতী, মহিষাসুৰ থাকে । সেয়ে সকলো দেৱ-দেৱীক মহাসপ্তমীৰ দিনা প্ৰাণ প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা কৰা হয় ।
সপ্তম দিনটোত মা দুৰ্গা দেৱীক ‘কালৰাত্ৰি’ ৰূপত আৰাধনা কৰা হয় । মা দুৰ্গা দেৱীৰ সপ্তম ৰূপটো হৈছে ‘কালৰাত্ৰি’ । এখেতৰ শৰীৰৰ বৰণ কৃষ্ণ বৰ্ণ অৰ্থাৎ ঘন কলা অন্ধকাৰৰ নিচিনা । মূৰৰ চুলিবোৰ আউলী- বাউলী । ডিঙিত উজ্জ্বল মালা জিলিকি থাকে । এই মা দুৰ্গা ত্ৰি নেত্ৰ অৰ্থাৎ তিনিটা চকুযুক্ত । দেৱী চতুৰ্ভূজা অৰ্থাৎ চাৰিখন হাত মুক্ত ।
কালৰাত্ৰি দুৰ্গা দেৱীৰ বাহন হ’ল গাধ । দেৱীয়ে সুম্ভা আৰু নিসুম্ভা নামৰ নামৰ ৰাক্ষস দ্বয়ক বধ কৰিবলৈ এই ৰূপ ধাৰণ কৰিছিল । মা দুৰ্গা দেৱীৰ এই ‘কালৰাত্ৰি’ৰ ৰূপটো দেখাত অতি ভয়ংকৰ যদিও এই দেৱীয়ে ভাল ফল প্ৰদান কৰে ৷ সেয়েহে তেওঁৰ আন এটা নাম হ’ল ‘শুভংকৰী’ । দুৰ্গা পূজাৰ সপ্তম দিন মা কালৰাত্ৰিৰ দেৱীক উপাসনা কৰা হয় ।