গুৱাহাটী, ৩১ জুলাই:কেন্দ্ৰীয় মন্ত্ৰী (central minister) হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত এতিয়ালৈকে গৃহভূমি অসমলৈ (Assam) অহা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (ex-chief minister sarbananda sonowal)। কিন্তু, খুব সোনকালে অসমবাসীৰ আশীৰ্বাদ ল'বলৈ আহিব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী । শনিবাৰে সন্ধিয়া নতুন দিল্লীৰ (New Delhi) পৰা মন্ত্ৰী সোণোৱালৰ কাৰ্যালয়ৰ সূত্ৰই ফোনযোগে ইটিভি ভাৰতক (etv bharat) জনোৱা মতে, ১৬ বা ১৭ আগষ্টত অসমলৈ আহিব সোণোৱাল ।
উল্লেখযোগ্য যে, কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লৈয়েই সংসদৰ বৰ্ষাকালীন অধিৱেশনক লৈ (Parliament Monsoon Session) সোণোৱাল ব্যস্ত হৈ পৰিবলগীয়া হৈছিল । সোণোৱালৰ কাৰ্যালয়ৰ সূত্ৰটোৱে প্ৰকাশ কৰা মতে সংসদৰ অধিৱেশন সমাপ্তিৰ পিছতহে ১৬ বা ১৭ আগষ্টত অসমলৈ আহিব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী । ইপিনে ৰাজ্যিক বিজেপিয়ে (State BJP) সোণোৱালৰ অসম আগমনৰ সময়ত আৰম্ভ কৰিব "আশীৰ্বাদ যাত্ৰা" (Ashirwad Yatra)।