নিউজ ডেস্ক, 25 জুন : 2023 বৰ্ষৰআনন্দৰাম বৰুৱা বঁটা প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে অসম চৰকাৰে ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা শিক্ষাৰ্থীসকলক 2023 বৰ্ষৰআনন্দৰাম বৰুৱা বঁটাৰ বাবে নাম পঞ্জীয়ন কৰাৰ বাবে এক টুইটযোগে আহ্বান জনায় শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৷ শনিবাৰৰ সন্ধিয়া এক টুইটযোগে মন্ত্ৰীগৰাকীয়ে 75 % অথবা ততোধিক নম্বৰৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হোৱা শিক্ষাৰ্থীসকলক 2023 বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটাৰ বাবে নিৰ্দিষ্ট প’ৰ্টেলটোত নাম পঞ্জীয়ন কৰিবলৈ কয় ৷
ৰাজ্যখনৰ সকলো যোগ্য শিক্ষাৰ্থীকে প’ৰ্টেলটোৰ যোগেদি বঁটাৰ বাবে পঞ্জীয়ন কৰিবলৈ কোৱাৰ লগতে শিক্ষামন্ত্রীগৰাকীয়ে শিক্ষার্থীসকলে আবেদন কৰাত কোনো অসুবিধাৰ সন্মুখীন হ'লে সেয়া সমাধানৰ বাবে এটা হেল্পলাইন নম্বৰৰ লগতে জিলা বিদ্যালয়ৰ জিলা পৰিদৰ্শকৰ সৈতে যোগাযোগ কৰাৰ বাবে নিৰ্দেশনাটোত উল্লেখ কৰে ।
উল্লেখ্য যে, 2022 বৰ্ষৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাসকলে লাভ কৰা নাই লেপটপ ৷ বিগত বৰ্ষত এক কেবিনেট বৈঠকত 2022 বৰ্ষৰ পৰা আনন্দৰাম বৰুৱা বঁটাত লেপটপ প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । ৰাজ্যিক কেবিনেটে ডিষ্টিংশ্যন আৰু ষ্টাৰ নম্বৰ লাভ কৰাসকলকহে আনন্দৰাম বৰুৱা বঁটা প্ৰদানৰ সিদ্ধান্তৰ গ্ৰহণ কৰিছিল । পূৰ্বতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হ’লেই লাভ কৰিছিল এই বঁটা ।
উল্লেখ কৰা প্ৰয়োজন যে, এখনৰ পিচত আনখনকৈ প্ৰশ্নকাকত বাতিলকে ধৰি নানানটা খামখেয়ালিৰ মাজেৰে অনুষ্ঠিত হৈছিল 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ ৰাজ্যৰ 4 লাখ 23 হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল 2023 বৰ্ষৰ পৰীক্ষাত আৰু অসমৰ মুঠ 912 টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷
লগতে পঢ়ক :Protest in Morigaon for constituency reservation : মৰিগাঁও সমষ্টি জনজাতিৰ বাবে সংৰক্ষণৰ দাবীত বিশাল জোঁৰ সমদল কাৰ্যসূচী