অসম

assam

ETV Bharat / state

বিজেপি চৰকাৰক ফেচিষ্ট চৰকাৰ আখ্যা অশোক গেহলটৰ

গুৱাহাটীস্থিত ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী অশোক গেহলটৰ ৷ বিজেপি চৰকাৰক ফেচিষ্ট চৰকাৰ আখ্যা মুখ্যমন্ত্ৰী গেহলটৰ ৷

By

Published : Mar 31, 2021, 10:53 PM IST

ashok-gehlot
অশোক গেহলট

গুৱাহাটী, 31 মাৰ্চ : বুধবাৰে গুৱাহাটী স্থিত ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ৷ সংবাদমেলযোগে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ 15 বছৰীয়া শাসনকালত হোৱা অসমৰ প্ৰগতিৰ কথা উল্লেখ কৰে ৷

বিজেপি চৰকাৰক সমালোচনা কৰি তেওঁ কয় যে, ‘‘বিজেপি চৰকাৰৰ দিনত অসমৰ অৱস্থা কি হ’ল সেয়া সকলোৱে জানে । ফেচিষ্ট চৰকাৰখন গণতন্ত্ৰৰ বাবে ভাবুকি । বিজেপিয়ে ধন-বলৰ ৰাজনীতি কৰি আহিছে । বিশ্বৰ ভিতৰত ধনী দল বিজেপিয়ে চিবিআই, আয়কৰ বিভাগ, নিৰ্বাচন আয়োগ আদি বিভাগৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আহিছে । এয়া দেশৰ বাবে এক উদ্বেগৰ বিষয়’’ ।

অশোক গেহলট

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গেহলটে কয় যে, ‘‘বিজেপিৰ বিৰুদ্ধে কিবা ক’লে দেশদ্ৰোহী হয় । বিজেপিৰ শাসনত দেশে সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে । যিমান শক্তি প্ৰয়োগ কৰিলেও অসমত আৰু বিজেপিৰ চৰকাৰ নহয় । অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব । ৰাষ্ট্ৰৰ মংগলৰ বাবে অসমবাসীয়ে কংগ্ৰেছক সমৰ্থন কৰিব । অসমত বিজেপি উৎখাট হ'লে দেশৰ অন্য ৰাজ্যলৈ এক ইতিবাচক বাৰ্তা যাব । অপশাসনৰ বিৰুদ্ধে জয় হ'ব । অসমৰ ৰাইজে পাঁচ বছৰ বিজেপিৰ অপশাসন দেখিছে’’ ।

সংবাদমেলত অসমৰ দায়িত্বত থকা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ বল্লভ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ উপৰিও ৰাজস্থানৰ দুগৰাকীকৈ মন্ত্ৰী উপস্থিত থাকে ৷

লগতে পঢ়ক :আজমলৰ হাতত থাকিব নেকি মহাজোঁটৰ তলা-চাবি?

ABOUT THE AUTHOR

...view details