গুৱাহাটী, ২১ ছেপ্টেম্বৰ : “বিজেপিক আমি প্ৰৱঞ্চনা কৰা নাই কিন্তু আমাক কৰিছে”— এয়া অসমৰ মৰিয়নি জিলাৰ চেলেং চাহ বাগিছাৰ এগৰাকী ক্ষোভিত চাহ শ্ৰমিকে বৃহস্পতিবাৰে প্ৰকাশ কৰা ক্ষোভ ৷ ৰাজ্য চৰকাৰৰ শ্রমিক কল্যাণ বিভাগে শেহতীয়া এক জাননী যোগে ৰাজ্যৰ চাহ জনগোষ্ঠীসকলে শুক্লা একাদশীৰ দিনা পালন কৰি অহা কৰম পূজাৰ দিনটো পেইড হলিডে' ঘোষণা কৰিছে ৷ নিৰ্দেশনা অনুযায়ী এই দিনৰ বন্ধৰ পৰিৱৰ্তে চাহ শ্রমিকসকলে পৰৱৰ্তী যি কোনো এটা দেওবাৰে বা সাপ্তাহিক ছুটীৰ দিনত বাগিচা আৰু কলঘৰত কাম কৰি দিব লাগিব ৷ ইয়াৰ পাছতে ৰাজ্যজুৰি চাহ শ্ৰমিক সকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷
ৰাজ্য চৰকাৰে শেহতীয়াকৈ জাৰি কৰা জাননীক লৈ বাগিচাই বাগিচাই বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ আটছাৰ ৷ এই বিষয়টোক লৈ অসমৰ জনজীৱনৰ অন্যতম অংশ অসমৰ চাহ বাগিছাসমূহত যোৱা দুটা দিনত প্ৰৱল ক্ষোভ দেখা গৈছে বিজেপিৰ বিৰুদ্ধে ৷ লোকসভা নিৰ্বাচন চমু চাপি অহাৰ সময়তে বিজেপিক বাগিচাত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে All Assam Tea Tribes Student Association, চমুকৈ আটছা আৰু শ্ৰমিক সমাজে ৷ বুধবাৰৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ বহু কেইখন চাহ বাগিচাত ইয়াৰ প্ৰতিফলন দেখা পোৱা গৈছে ৷ আজি আটছা মৰিয়নি শাখাৰ উদ্যোগত চেলেং চাহ বাগিচাত শ্ৰমিক সমাজ আৰু আটছাই বিজেপি চৰকাৰে শ্ৰমিক সমাজক প্ৰতাৰণা কৰাৰ অভিযোগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
এই প্ৰতিবাদী কাৰ্যসূচীতে “বিজেপিক আমি প্ৰৱঞ্চনা কৰা নাই, কিন্তু আমাক তথা চাহ শ্ৰমিক সমাজক প্ৰৱঞ্চনা কৰিছে বিজেপি চৰকাৰে”—এইদৰে ক্ষোভ উজাৰিলে এগৰাকী মহিলা শ্ৰমিকে ৷ শ শ চাহ শ্ৰমিকে অংশগ্ৰহণ কৰা প্ৰতিবাদস্থলীত ক্ষোভিত শ্ৰমিকগৰাকীয়ে কয় যে বিজেপিয়ে আমাক মাটিৰ পট্টা আৰু ঘৰ দিয়া কথা কৈছিল কিন্তু আমাক নিদিলে ৷ লগতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, সেয়াও নকৰিলে ৷ ইতিমধ্যেই সংবাদমেল সম্বোধন কৰি আটছাৰ কেন্দ্রীয় সভাপতি ধীৰাজ গোৱালা, কেন্দ্রীয় সাধাৰণ সম্পাদক পৱন বেদীয়াসহ কেন্দ্রীয় সমিতিৰ ভালেমান বিষয়াই ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰিছে ৷
চাহ জনগোষ্ঠীৰ পৱিত্ৰ কৰম পূজাৰ বন্ধ দিনটো চাহ শ্ৰমিকক দৰমহাসহ বন্ধ দিবলৈ দাবী আটছাৰ ৷ কৰম পূজাক লৈ চৰকাৰে গ্ৰহণ কৰা এই নিৰ্দেশনা উঠাই ল'বলৈ সংবাদেমেলত দাবী আটছা নেতৃত্বৰ ৷ লগতে কৰম পূজাৰ দিনটোত কোনো চৰ্ত নোহোৱাকৈ বন্ধ দিবলৈ চৰকাৰক আহ্বান আটছা নেতৃত্বৰ ৷ যদি চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰে তেতিয়া হ'লে বাগিচাই বাগিচাই শ্ৰম মন্ত্ৰী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ আন্দোলন কৰাৰ হুংকাৰ সংগঠনটোৰ ৷ লগতে এই সিদ্ধান্ত পুনৰ বিবেচনা নকৰিলে বিজেপিক বাগিচাত কোনো নিৰ্বাচনী সভা কৰিব নিদিয়াৰ হুংকাৰ দিয়ে আটছাই, এই কথা সংবাদ মেলত স্পষ্ট কৰিলে আটছাৰ নেতৃত্বই ৷