অসম

assam

ETV Bharat / state

শক্তিপীঠ কামাখ্যা ধামত মহা অম্বুবাচীৰ মহা আয়োজন

মাজত মাথো 3 টা দিন বাকী ৷ ২২ জুনৰ পৰা অনুষ্ঠিত হ'বলগীয়া বিশ্ব প্ৰসিদ্ধ অম্বুবাচী মেলাক লৈ শক্তিপীঠত চলিছে মহা আয়োজন ৷ লক্ষ লক্ষ ভক্তক আদৰিবলৈ সাজু প্ৰশাসন, মন্দিৰ পৰিচালনা সমিতি ৷

অম্বুবাচীৰ মহা আয়োজন

By

Published : Jun 18, 2019, 6:21 PM IST

Updated : Jun 18, 2019, 8:15 PM IST

গুৱাহাটী, 18 জুন : উখল-মাখল নীলাচলৰ বুকু ৷ ২২ জুনৰ পৰা অনুষ্ঠিত হ'বলগীয়া বিশ্ব প্ৰসিদ্ধ অম্বুবাচী মেলাক লৈ শক্তিপীঠত কামাখ্যা ধামত চলিছে মহা আয়োজন ৷ শক্তিপীঠত মেলাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলাৰ লগতে ভক্তক আদৰিবলৈ সাজু জিলা প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতি ।

অম্বুবাচীৰ মহা আয়োজন

ইতিমধ্যে দেশৰ ভিন্ন প্ৰান্তৰ লগতে বিভিন্ন বেশ-ভূষাৰে শক্তিপীঠলৈ আগমন ঘটিছে ভিন্নৰূপী বাবাৰ ৷ হাইপ্ৰফাইল বাবাৰ পৰা আৰম্ভ কৰি তৰোৱাল বাবাৰে ভৰি পৰিছে নীলাচল পাহাৰ ৷ দেৱী মাৰ আশীষ ল'বলৈ কাশ্মীৰ, অৰুণাচল প্ৰদেশ, কেদাৰনাথ, হিমাচল প্ৰদেশ, দিল্লী, ৰাজস্থান, নেপাল আদি স্থানৰ পৰা আহিছে বাবা । মুঠৰ ওপৰত অম্বুবাচী উপলক্ষে এতিয়া কামাখ্যা ধামত ভক্তৰ লানি নিছিগা ভিৰ ।

Last Updated : Jun 18, 2019, 8:15 PM IST

ABOUT THE AUTHOR

...view details