গুৱাহাটী,23 মাৰ্চ : ৰাজ্যৰ প্ৰধান ৰাজনৈতিক দল কংগ্ৰেছ, বিজেপিকে ধৰি কোনো এটা আঞ্চলিক দলেও দিব্যাংগসকলৰ সমস্যা সমাধানৰ প্ৰতি দায়বদ্ধ নহয় ৷ তেওঁলোকৰ দলীয় ইস্তাহাৰতে এই কথা প্ৰকাশ পাইছে ৷ বিজেপি দলে দুই এটা কথা দিব্যাংগসকলক লৈ তেওঁলোকৰ ইস্তাহাৰত প্ৰকাশ কৰিলে, কিন্তু কংগ্ৰেছকে আদি কৰি আন কোনো দলেই দিব্যাংগসকলৰ সমস্যাক লৈ তেওঁলোকৰ ইস্তাহাৰত এটা কথাও প্ৰকাশ নকৰিলে ৷ এই অভিযোগ উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই ৷
ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহে প্ৰকাশ কৰা দলীয় ইস্তাহাৰক লৈ মঙলবাৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই দিশপুৰ প্ৰেছ ক্লাৱত আয়োজন কৰে এক সংবাদমেল ৷ উক্ত সংবাদমেলত ৰাজনৈতিক দলসমূহে দিব্যাংগসকলৰ সমস্যাসমূহ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে সংস্থাৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে ৷ মালাকাৰৰ অভিযোগ অনুসৰি, “কোনো এটা ৰাজনৈতিক দলেই আমাৰ সমস্যাসমূহ সমাধানক লৈ দায়বদ্ধ নহয় ৷ এই কথা তেওঁলোকৰ ইস্তাহাৰত প্ৰকাশ পাইছে ৷ ৰাজ্যত 9 লাখ দিব্যাংগ ব্যক্তি থকাৰ পাচতো তেওঁলোকৰ প্ৰতি কোনো এটা দলেই আন্তৰিকতা প্ৰকাশ নকৰিলে” ৷