গুৱাহাটী, ৩ ফেব্ৰুৱাৰী: শনিবাৰে গুৱাহাটীত উপস্থিত হয় কট্টৰ হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টোগাড়ীয়া । গুৱাহাটীত উপস্থিত হোৱাৰ পাচতে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা জনে দেওবাৰে এক সংবাদমেল সম্বোধন কৰে ।
গুৱাহাটীত প্ৰবীণ ভাই টোগাড়িয়াৰ সংবাদমেল - সংবাদমেল
দুদিনীয়া ভ্ৰমণ সূচীৰে গুৱাহাটীত উপস্থিত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতাগৰাকী
সংবাদমেল খনত উপস্থিত হয় তেখেতে বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে । তেখেতে কয় যে হিন্দুস্তান নিৰ্মান দলে পঞ্চায়ত বিধানসভা আৰু সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ লগতে হিন্দুত্বৰ লগতে স্বাস্থ্য ৰোজগাৰ আৰু কৃষকৰ ঋণ মুক্তিৰ বাবে কাম কৰিব । তদুপৰি তেখেতে কয় যে অযোধ্যাৰ ৰামমন্দিৰ নিৰ্মাণ, শূণ্য বাংলাদেশী মুছলিম অসম আৰু ভাৰতবৰ্ষ গঢ়ি তোলাৰ লগতে সংসদত পাৰ্লিয়ামেণ্ট অফ ইকনমিক্স অনুষ্ঠিত কৰা তেঁওলোকৰ দলৰ এজেণ্ডা । শিক্ষা জগত খনৰ সন্দৰ্ভত তেখেতে কয় যে শিক্ষাৰ লগতে কাৰিকৰী শিক্ষাত গুৰুত্ব দিয়াৰ লগতে দশম শ্ৰেণী উত্তীৰ্ন সকলৰ বাবে চাকৰি ব্যবস্থাও কৰা হ'ব ।ইপিনে বাংলাদেশী হিন্দুক গুজৰাতলৈ পঠাই দিয়াৰ দাবী জনাই শৰণাৰ্থী শিবিৰ কেৱল বাংলাদেশী মুছলমানৰ বাবে মন্তব্য প্ৰকাশ কৰে হিন্দুত্ববাদী নেতা জনে । আনহাতে তেখেতে ভাৰতীয় বায়ু সেনাৰ আক্ৰমণৰ পিচতো পাকিস্তানৰ সন্ত্ৰাসবাদী কাৰ্যকালাপ অন্ত পৰা নাই বুলিও মন্তব্য কৰে ।
তদুপৰি ইয়াতে ক্ষান্ত নাথাকি মোডীক কতক্ষ্য কৰি তেখেতে কয় যে মোডীৰ দিনত ৫২ মাহত ৫২ হাজাৰ কৃষকে আত্মহত্যা কৰিছে । লগতে মোদীয়ে কাপোৰৰ উদ্যগত GST লগাই ১ কোটি লোকক নিবনুৱা কৰিলে বুলি কয় মোডীক সমালোচনা কৰে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা জনে ।