অসম

assam

গুৱাহাটীত এছ এফ আইৰ শোভাযাত্ৰাত বাধা প্ৰদান আৰক্ষীৰ

By

Published : Aug 17, 2022, 10:26 PM IST

গুৱাহাটীত এছ এফ আইৰ শোভাযাত্ৰাত বাধা প্ৰদান আৰক্ষীৰ ৷ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণভাৱে শিক্ষা, সংবিধান আৰু দেশ ৰক্ষাৰ হকে আয়োজন কৰা শোভাযাত্ৰা ৰোধ কৰাৰ কাৰ্যই অসম চৰকাৰৰ শ্বৈৰতান্ত্ৰিক মানসিকতাৰ পৰিচায়ক বুলি এছ এফ আইৰ ৰাজ্যিক কমিটিয়ে অভিহিত কৰিছে(Police intercept SFI procession in Guwahati) ।

SFI procession in Guwahati disrupted by police
গুৱাহাটীত এছ এফ আইৰ শোভাযাত্ৰাত বাধা প্ৰদান আৰক্ষীৰ

গুৱাহাটী, 17 আগষ্ট:ভাৰতৰ ছাত্ৰ ফেডাৰেছনে শিক্ষা, সংবিধান আৰু দেশ ৰক্ষাৰ আহ্বান জনাই ত্ৰিপুৰাৰ পৰা আৰম্ভ হোৱা সৰ্বভাৰতীয় প্ৰচাৰ যাত্ৰাৰ দলটি বুধবাৰে গুৱাহাটীত উপস্থিত হয়হি । এই উপলক্ষে বুধবাৰে গুৱাহাটীৰ বিষ্ণু-নিৰ্মলা ভৱনত এছ এফ আইয়ে এক সভা আয়োজন কৰে (SFI meeting held at Bishnu Nirmala Bhawan in Guwahati) ।

এছ এফ আইৰ ৰাজ্যিক সভাপতি প্ৰতুল বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাত ত্ৰিপুৰাৰ এছ এফ আইৰ সভাপতি চুলেমান আলি আৰু ত্ৰিপুৰাৰ ট্ৰাইবেল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সদস্য দ্বীপসনো দেৱবাৰ্মা অতিথি হিচাপে উপস্থিত থাকি ত্ৰিপুৰাৰ পৰা কঢ়িয়াই অনা এছ এফ আইৰ স্বাধীনতা, গণতন্ত্ৰ, সমাজতন্ত্ৰৰ শুভ্ৰ পতাকা অসমৰ হাতত অৰ্পণ কৰে ।

তেওঁলোকক এছ এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই যৌথ সংগ্ৰামখন শক্তিশালী কৰাৰ আহ্বান জনায়। সভাত এছ এফ আইৰ প্ৰাক্তন সম্পাদক নয়ন ভূঞা আৰু ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাসে শুভেচ্ছামূলক বক্তব্য ৰাখে ।

কেন্দ্ৰীয় নেত্ৰী সংগীতা দাসে সভাত বক্তব্য ৰাখি কয় যে- "স্বাধীন ভাৰতৰ ৭৫ টা বছৰ সম্পূৰ্ণ হ'ল কিন্তু, স্বাধীনতা লাভ কৰাৰ ইমান বছৰ পাছতো কিছুমান মৌলিক সমস্যা এতিয়াও দূৰ হোৱা নাই । বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত যদি আমি চাওঁ, এতিয়াও ভাৰতৰ বহু লাখ শিশু শিক্ষাৰ পৰা বঞ্চিত । আৰ্থিক দুৰৱস্থা, জাতি ধর্মই আনি দিয়া কিছুমান সামাজিক হেঙাৰ আদি কাৰণত এই দেশৰ বহু শিশুৰ গাত শিক্ষাৰ পোহৰ পৰা নাই । সমস্যা কেৱল ইয়াতেই সীমাবদ্ধ নহয় । স্কুল মহাবিদ্যালয়ত নামভৰ্তিৰ পাছতো আন্তঃগাঁথনিৰ অভাৱ, শিক্ষকৰ অভাৱ, মাচুল বৃদ্ধি, দৈন্যতা আদিবোৰ কাৰণত বহুতে আধাতে স্কুল এৰিবলগীয়া হৈছে ।

আনহাতে ৰাজ্যিক সম্পাদক নিৰংকুশ নাথে উচ্চ শিক্ষাৰ প্ৰসংগ টানি আনি কয় যে, উচ্চ শিক্ষাত পৰ্যাপ্ত শিক্ষক আৰু আন্তঃগাঁথনি অবিহনে গ্ৰডিং ব্যৱস্থা জাপি দিয়াৰ ফলত নৈ ৰাজ্যৰ সৃষ্টি হৈছে । ফলাফলক লৈ গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰতিবাৰেই ছাত্ৰ-ছাত্ৰীয়ে আন্দোলন কৰিব লগা অৱস্থাৰ সৃষ্টি হয় । ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাই এক জটিল ৰূপ ধাৰণ কৰিছে । ৰাজ্যখনত বিশ্ববিদ্যালয়ৰ পৰা প্ৰাথমিক পৰ্যায়লৈ ২৮,৯১০ শিক্ষক পদ খালি হৈ আছে । অন্যহাতে এতিয়াও বহু শিক্ষানুষ্ঠানত পুথিভঁৰাল, বিশুদ্ধ খোৱাপানী, বিদ্যুৎ, কম্পিউটাৰ, ইণ্টাৰনেট সেৱা আদিৰ অভাৱ । এই সমস্যাসমূহ সমাধান কৰাৰ সলনি চৰকাৰে এক ইংৰাজী মাতৃভাষাৰ মাধ্যমৰ অদ্ভুত মিশ্ৰণ কৰাতহে ব্যস্ত হৈছে ।"

কামৰূপ মহানগৰ জিলাৰ সম্পাদক অনুজা ডেকাই দীৰ্ঘদিন ধৰি শিক্ষানুষ্ঠানত 'যৌন নির্যাতন বিৰোধী আৰু লিংগ বিষয়ক সজাগতা কমিটি (GSCASH)' গঠনৰ বাবে থকা উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শও বেছিভাগতেই কাৰ্যকৰী কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰে ।

সভাৰ শেষত পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীকলৈ এক শোভাযাত্ৰা উলিওৱাৰ চেষ্টা কৰা হয় যদিও পুলিচ-প্ৰশাসনে সম্পূৰ্ণ বাধা দিয়ে। প্ৰতিবাদকাৰীৰ ওপৰত পুলিচ-প্ৰশাসনে বল প্ৰয়োগ কৰি ঠেলা হেঁচা কৰে । তাৰ পিছত সকলোকে আটক কৰি চচললৈ নিয়ে। গণতান্ত্ৰিক, শান্তিপূৰ্ণ আৰু 'শিক্ষা, সংবিধান আৰু দেশ ৰক্ষা'ৰ হকে আয়োজন কৰা শোভাযাত্ৰা ৰোধ কৰা কাৰ্যই অসম চৰকাৰৰ শ্বৈৰতান্ত্ৰিক মানসিকতাৰ পৰিচায়ক বুলি এছ এফ আইৰ ৰাজ্যিক কমিটিয়ে অভিহিত কৰিছে।

লগতে পঢ়ক:ভূ মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত ডিব্ৰুগড়ত আটছাৰ তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details