অসম

assam

ETV Bharat / state

গাড়ী চলোৱাৰ যোগ্যতা অৰ্জন কৰিলে আৰক্ষী আয়ুক্ত দীপক কুমাৰে

ইমান দিনে কোনো ড্ৰাইভিং লাইচেঞ্চেই নাছিল আৰক্ষী বিষয়া গৰাকীৰ ৷ যাৰ বাবে ৰাজপথত গাড়ী চলাব পৰা নাছিল তেওঁ ৷ কিন্তু যান-বাহন আইন কঠোৰ হোৱাৰ পাছতেই লাইচেঞ্চ বনাবলৈ তৎপৰ হৈ পৰিল দীপক কুমাৰ ৷

গাড়ী চলোৱাৰ যোগ্যতা অৰ্জন কৰিলে আৰক্ষী আয়ুক্ত দীপক কুমাৰে

By

Published : Oct 25, 2019, 1:52 PM IST

Updated : Oct 25, 2019, 2:20 PM IST

গুৱাহাটী,25 অক্টোবৰ:পৰীক্ষাত অৱতীৰ্ণ হ'ল মহানগৰীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ ৷ কেৱল লিখিত পৰীক্ষাই নহয়, ব্যৱহাৰিক পৰীক্ষাও দিলে আৰক্ষী বিষয়া গৰাকীয়ে ৷ অৱশ্যে এইয়া কোনো বিভাগীয় পৰীক্ষা নহয়, গাড়ী চলোৱাৰ যোগ্যতা অৰ্জন কৰিবলৈহে পৰীক্ষা দিলে দীপক কুমাৰে ৷

আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ ড্ৰাইভিং টেষ্ট

ইমান দিনে কোনো ড্ৰাইভিং লাইচেঞ্চেই নাছিল আৰক্ষী বিষয়া গৰাকীৰ ৷ যাৰ বাবে ৰাজপথত গাড়ী চলাব পৰা নাছিল তেওঁ ৷ কিন্তু যান-বাহন আইন কঠোৰ হোৱাৰ পাছতেই লাইচেঞ্চ বনাবলৈ তৎপৰ হৈ পৰিল দীপক কুমাৰ ৷ সেই নিমিত্তে আৰক্ষী বিষায়া গৰাকী উপস্থিত হ'ল মহানগৰীৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত ৷ সম্পূৰ্ণ নিয়মৰ মাজেৰে নিজৰ ড্ৰাইভিং লাইচেঞ্চৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ'ল আৰক্ষী বিষয়া দীপক কুমাৰ ৷

গাড়ী চলোৱাৰ যোগ্যতা অৰ্জন কৰিলে আৰক্ষী আয়ুক্ত দীপক কুমাৰে

লিখিত পৰীক্ষাত দহটা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিবলৈ সক্ষম হয় আৰক্ষী বিষয়া গৰাকী ৷ তাৰ পিছতেই তেওঁ অৱতীৰ্ণ হয় বাহন চালনৰ পৰীক্ষাত ৷ ইংৰাজী 8 সংখ্যাটোৰ নক্সাত গাড়ী চলাবলৈ সক্ষম হয় তেওঁ ৷ লিখিত আৰু ব্যৱহাৰিক দুয়োটা পৰীক্ষাতে উত্তীৰ্ণ হোৱাৰ পাছত বাহন চালনৰ প্ৰমাণ পত্ৰ (ড্ৰাইভিং লাইচেঞ্চ) লাভ কৰে আৰক্ষী আয়ুক্ত দীপক কুমাৰে ৷ ড্ৰাইভিং লাইচেঞ্চৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈ নিজৰ অনুভৱ ব্যক্ত কৰি আৰক্ষী গৰাকীয়ে কয় যে, আইন শৃংখলা সকলোৰে বাবে সমান,গতিকে প্ৰত্যেকজন ব্যক্তিয়েই প্ৰশাসনৰ নীতি নিয়ম মানি চলিব লাগে ৷ যি সকল চালকে অনুজ্ঞা পত্ৰ অবিহনে গাড়ী চলাই আছে তেওঁ লোককো নিজৰ নিজৰ ড্ৰাইভং লাইচেঞ্চ উলিয়াই লবলৈ আহ্বান জনায় মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে ৷

Last Updated : Oct 25, 2019, 2:20 PM IST

ABOUT THE AUTHOR

...view details