গুৱাহাটী, 7 জুন: মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত বুধবাৰে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগত নৱনিযুক্ত কৰ্মচাৰীসকলৰ অভিমুখীকৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ এই অনুষ্ঠানত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগত নৱ নিযুক্ত 279 গৰাকী কৰ্মচাৰী উপস্থিত থাকে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰে বিভাগীয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, বিভাগৰ বহুকেইজন বিষয়াকে প্ৰমুখ্য কৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি (Orientation Program in Guwahati Kalakshetra) ৷
দক্ষতা, নিযোগ আৰু উদ্যমিতা বিভাগটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিভাগ ৷ এই বিভাগটো আগ বাঢ়িলেহে ৰাজ্যৰ লগতে দেশৰ বিকাশ হ’ব ৷ এই মন্তব্য কৰি নৱ নিযুক্ত কৰ্মচাৰীসকলক নিষ্ঠাৰে কাম কৰাৰ আহ্বান মন্ত্ৰীগৰাকীৰ ৷ অসমৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ এতিয়া বহু আগুৱাই গৈছে ৷ সেয়েহে সকলো দক্ষ হব লাগিব, এতিয়া আৰু ফাইলৰ যুগ নাই বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে (Orientation Program) ৷
ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে আপোনালোকে চাকৰি পালে যিহেতু CL পাম, ছুটি পাম, 10 বজাত আহিব লাগে 12 বজাত আহিলেও হ’ব বুলি ভাবিলে নহ’ব ৷ অতি সোনকালে কোনো এজন কৰ্মচাৰীৰ বদলি নহয় ৷ এক ডেৰ বছৰলৈ বদলিৰ ফাইল নানিব ৷ বদলিৰ কথা মনৰ পৰা আঁতৰাই দিয়ক, প্ৰযোজনত মই নিজেই গৃহ জিলালৈ লৈ আহিম বুলি কয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই (Minister Jayanta Malla Baruah) ৷