গুৱাহাটী,১৪ মে’: লক্ ডাউনৰ মাজতে বৃহস্পতিবাৰে অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগে বিভিন্ন নগৰৰ খালী হৈ থকা দহখন আসনত উন্নয়ন পৰিষদৰ অধ্যক্ষৰ নিযুক্তি প্ৰদান কৰে ৷ সেই অনুসৰি সোণাৰি উন্নয়ন পৰিষদৰ অধ্যক্ষ হিচাপে তিলক নেওগ, বিশ্বনাথ চাৰিআলি উন্নয়ন পৰিষদৰ অধ্যক্ষৰূপে যোগেন মহন্ত, কৰিমগঞ্জ উন্নয়ন পৰিষদত দেৱব্ৰত সাহা, মঙলদৈ উন্নয়ন পৰিষদত প্ৰতাপ বৰদলৈ, গোৱালপাৰা উন্নয়ন পৰিষদত দীপক নাথ, তেজপুৰ উন্নয়ন পৰিষদত বিৰাজ নাথক নিযুক্তি দিয়ে ৷ একেদৰে লখিমপুৰ উন্নয়ন পৰিষদত সমীৰণ কোঁৱৰক অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে । নগৰ উন্নয়ন মন্ত্ৰী পীযুষ হাজৰিকাই লক্ ডাউনৰ মাজতে সামাজিক দূৰত্ব আৰু যাৱতীয় স্বাস্থ্যবিধি মানি ডিব্ৰুগড় উন্নয়ন পৰিষদৰ অধ্যক্ষৰ পদত অসীম হাজৰিকা আৰু তিনিচুকীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষৰ পদত কাজল গোঁহাইক আজি নিজ হাতেৰে নিযুক্তি পত্ৰ প্ৰদান কৰে ।
উন্নয়ন পৰিষদৰ অন্তৰ্গত দহ আসনত অধ্যক্ষ নিযুক্তি
লক্ ডাউনৰ মাজতে দহখন নগৰৰ উন্নয়ন পৰিষদৰ অধ্যক্ষ পদত নিযুক্তি ৷ এই নিযুক্তি প্ৰদান কৰে অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগে ৷
অধ্যক্ষ নিযুক্তি