অসম

assam

By

Published : Feb 14, 2023, 10:34 PM IST

ETV Bharat / state

Protection of Scheduled Castes: অসমত অনুসূচী জাতিৰ লোকসকলৰ সুৰক্ষা বিষয়ক আইন কাৰ্যকৰীত ব্যৰ্থতা

অনুসূচীত জাতিৰ লোকসকলক আইনৰ ভিত্তিত সুৰক্ষা প্ৰদানৰ বাবে অসম আৰক্ষীক নিৰ্দেশ National commission for scheduled caste ৰ উপ সঞ্চালক অৰুণ হালডাৰৰ ৷ গুৱাহাটীত সংবাদ মেলযোগে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ উপ সঞ্চালকগৰাকীৰ ৷

Protection of Scheduled Castes
অনুসূচী জাতিৰ লোকসকলৰ সুৰক্ষা বিষয় সমবাদমেল

অনুসূচী জাতিৰ লোকসকলৰ সুৰক্ষা বিষয় সমবাদমেল

গুৱহাটী, 14 ফেব্ৰুৱাৰী: অসমত অনুসূচী জাতিৰ লোকসকলক অত্যাচাৰ কৰা সন্দৰ্ভত তেওঁলোকক অত্যাচাৰ প্ৰতিৰোধ বিষয়ক আইনৰ ভিত্তিত সুৰক্ষা প্ৰদান কৰা নহয় (Protection of Scheduled Castes)। আনকি এই আইনৰ ভিত্তিত অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ ক্ষেত্ৰত চৰম অনীহা প্ৰদৰ্শন কৰি আহিছে । যাৰ বাবে এই সন্দৰ্ভত অসম আৰক্ষীয়ে অনুসূচী জাতিৰ লোকক অত্যাচাৰ প্ৰতিৰোধ বিষয়ক আইনৰ ভিত্তিত সুৰক্ষা প্ৰদান কৰাৰ বাবে আৰু তেওঁলোকক ন্যায় প্ৰদান কৰাৰ বাবে National commission for scheduled caste ৰ উপ সঞ্চালক অৰুণ হালডাৰে অসম আৰক্ষীক মঙলবাৰে নিৰ্দেশ দিছে ।

অসমত অনুসূচী জাতিৰ লোকসকলৰ সুৰক্ষা আৰু ন্যায় প্ৰদান কৰাৰ বাবে গুৱাহাটীৰ তাজ ভিভান্তাত এক আলোচনা অনুষ্ঠিত হয় । National commission for scheduled caste ৰ উপ সঞ্চালক অৰুণ হালডাৰ উপস্থিত থকা সভাত অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, বিভিন্ন অনুসুচীত জাতিৰ সংগঠন, বেচৰকাৰী সংস্থা আদি উপস্থিত আছিল (Oppression of Scheduled Castes) ।

অসমত যে অনুসূচী জাতিৰ লোকসকলক অত্যাচাৰ কৰা সন্দৰ্ভত অসম আৰক্ষীয়ে অনুসূচী জাতিৰ লোকক অত্যাচাৰ প্ৰতিৰোধ বিষয়ক আইনৰ ভিত্তিত সুৰক্ষা প্ৰদান কৰা নহয়, সেয়া আজিৰ সভাত প্ৰতিফলিত হয় । যোৱা এবছৰ পূৰ্বে লখিমপুৰত এগৰাকী অনূসূচীত জাতিৰ মহিলাক এটা 20 জনীয়া দলে অত্যাচাৰ কৰি হত্যা কৰিছিল । কিন্তু এই গোচৰটো আৰক্ষীয়ে এই গোচৰটো Scheduled Caste and Scheduled Tribe (Prevention of Atrocities) Act ৰ অধীনত ৰুজু কৰা নাছিল । এই সন্দৰ্ভত আজিৰ সভাত অনুসুচীত জাতি সংস্থাই বিষয়টো সভা উত্থাপন কৰে ।

পিচত বিষয়টোৰ সন্দৰ্ভত National commission for scheduled caste ৰ উপ সঞ্চালক অৰুণ হালডাৰে সভাত উপস্থিত থকা অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে । লগে লগে ঘটনটোৰ সন্দৰ্ভত Scheduled Caste and Scheduled Tribe (Prevention of Atrocities) Act ৰ অধীনত 17/2023 নম্বৰত গোচৰটো ৰুজু কৰা হয় ।

National commission for scheduled caste ৰ উপ সঞ্চালক অৰুণ হালডাৰে কয় যে, অসমত অনুসূচী জাতিৰ লোকসকলক অত্যাচাৰ কৰা সন্দৰ্ভত অসম আৰক্ষীয়ে অনুসূচী জাতিৰ লোকক অত্যাচাৰ প্ৰতিৰোধ বিষয়ক আইনৰ ভিত্তিত সুৰক্ষা প্ৰদান কৰাৰ বাবে সজাগতাৰ সৃষ্টিৰ উদ্দেশ্য অসমৰ সকলো আৰক্ষী থানাত বেনাৰ ছাইনবোৰ্ড স্থাপনৰ ব্যৱস্থা কৰিব । যাতে অত্যাচাৰৰ বলি হোৱা অনুসূচী জাতিৰ লোকসকলে আৰক্ষীৰ পৰা প্ৰকৃত ন্যায় পোৱাৰ বাবে দাবী কৰিব পাৰে ।

তেওঁ জনায় যে, সম্ভৱত অনুসূচী জাতিৰ লোকসকলৰ সজাগতাৰ অভাৱৰ বাবে অসমত যোৱা এবছৰত Scheduled Caste and Scheduled Tribe (Prevention of Atrocities) Act ৰ অধীনত কোনো গোচৰ ৰুজু হোৱা নাই । অত্যাচাৰৰ বলি হোৱা অনুসূচী জাতিৰ লোকসকলে National commission for scheduled caste ৰ ৱেবচাইটৰ জৰিয়তে সকলো সহায় ল’ব পাৰে বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক:Bura Chapori Eviction : বুঢ়া চাপৰি উচ্ছেদ অভিযানৰ প্ৰথমটো দিনত ৬৯১ টা বাসগৃহ উচ্ছেদ

ABOUT THE AUTHOR

...view details