অসম

assam

ETV Bharat / state

নগা ভূমিৰ অখণ্ডতাকলৈ আকৌ তৎপৰ এন এছ চি এন, উত্তপ্ত হোৱাৰ আশংকা মনিপুৰ !

প্ৰস্তাৱিত নগা শান্তি চুক্তি ৰূপায়িত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে যিমানেই কামকাজ আগবঢ়াই আনিছে সিমানেই নগালেণ্ড আৰু মনিপুৰৰ পৰিস্থিতি অশান্ত হৈ পৰাৰ আশংকা স্পষ্ট হৈ উঠিছে । এনে পৰিস্থিতিৰ আশংকা কৰিয়ে নগা আৰু মনিপুৰী জনতাৰ লগত প্ৰত্যক্ষভাবে কথা পতাৰ বাবে চলিত নবেম্বৰ মাহৰ শেষৰ সপ্তাহত এই দুই সংঘাত জৰ্জৰ ৰাজ্য ভ্ৰমন কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ।

naga-peace-accord-manipur
নগা ভূমিৰ অখণ্ডতাকলৈ আকৌ তৎপৰ এন এছ চি এন, উত্তপ্ত হোৱাৰ আশংকা মনিপুৰ !

By

Published : Nov 15, 2020, 4:21 PM IST

গুৱাহাটী,15 নৱেম্বৰঃ পুনৰ উত্তপ্ত হোৱাৰ দিশে আগবঢ়িছে নগালেণ্ড আৰু মনিপুৰ। কেন্দ্ৰীয় চৰকাৰে নগা শান্তি চুক্তি ৰূপায়ণৰ বিষয়টো পূৰ্ণ ৰূপ দিয়াৰ বাবে যিমানেই তৎপৰতা লৈছে সিমানেই জটিল হৈছে দুই ৰাজ্যৰ পৰিস্থিতি। নগা শান্তি চুক্তি ৰূপায়ণৰ নামত 'সূচাগ্ৰ মেদিনী' এৰি দিবলৈ সাজু নহয় মনিপুৰৰ জনতা। আনকি এই কথা শনিবাৰে পুনৰবাৰ আঙুলিয়াই দিছে মনিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন্দ্ৰ সিঙে। বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছতো মুখ্যমন্ত্ৰী বীৰেন্দ্ৰ সিঙে শনিবাৰে এক সংবাদমেল সম্বোধন কৰি কয় মনিপুৰৰ অখণ্ডতাৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নহ’ব। এই কথা শুনি জাঙুৰ খাই উঠিছে এন এছ চি এন-আই এম নেতৃত্ব।

ইপিনে প্ৰস্তাৱিত নগা শান্তি চুক্তি ৰূপায়িত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে যিমানেই কামকাজ আগবঢ়াই আনিছে সিমানেই নগালেণ্ড আৰু মনিপুৰৰ পৰিস্থিতি অশান্ত হৈ পৰাৰ আশংকা স্পষ্ট হৈ উঠিছে । এনে পৰিস্থিতিৰ আশংকা কৰিয়ে নগা আৰু মনিপুৰী জনতাৰ লগত প্ৰত্যক্ষভাবে কথা পতাৰ বাবে চলিত নৱেম্বৰ মাহৰ শেষৰ সপ্তাহত এই দুই সংঘাত জৰ্জৰ ৰাজ্য ভ্ৰমন কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ।

উল্লেখ্যনীয় যে শনিবাৰে এন এছ চি এন-আই এমৰ নগালেণ্ডৰ হেব্ৰন শিবিৰৰ পৰা এক প্ৰেছ বিবৃতি প্ৰকাশ কৰে। এই বিবৃতিত কোৱা হৈছে যে, ভাৰত চৰকাৰে নগা সকলৰ ৰাজনৈতিক পৰিচয়ক ইতিমধ্যে স্বীকাৰ কৰি লৈছে । আৰু সেই স্বীকৃতিৰ আধাৰতেই নাগালিম গঠনৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰিছে । গতিকে এন এছ ছি এনৰ সৈতে হ’ব লগা চুক্তিত কেবল নগা ভূমিৰ একত্ৰীকৰনেই নহয়, এই চুক্তিত থাকিব লাগিব নাগালিমৰ সুকীয়া বাজেট, সুকীয়া পতাকা, পান নগা হো হো গঠন কৰাৰ কথা থাকিব । বিবৃতিটোত এই কথাও স্পষ্ট কৰি দিয়া হৈছে যে, 2015 চনৰ 3 আগষ্টত যি ফ্ৰেমৱৰ্ক চুক্তি কৰা হৈছিল, তাত যিহেতু নগা সকলৰ ইতিহাস আৰু ৰাজনৈতিক পৰিচয়ক স্বীকাৰ কৰা হৈছে, সেয়ে নগা সকলৰ সাৰ্বভৌমত্বৰ কথাও স্বীকাৰ কৰাটোকে বুজাইছে । এতিয়া চৰকাৰে এই অধিকাৰক মান্যতা দিলে নগা সকলৰ সাত দশকযোৰা সংগ্ৰামক সন্মান জনোৱা হ’ব ।

মনকৰিবলগীয়া যে কালি হেব্ৰনৰ পৰা এই বিবৃতি প্ৰকাশিত হোৱাৰ প্ৰায় সমান্তৰালকৈ মনিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন্দ্ৰ সিঙে বিধান সভা সচিবালয়ৰ কক্ষত এক সংবাদ সম্বোধন কৰে । এই সংবাদ মেলত মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰবাৰ স্পষ্ট কৰি দিয়ে যে, নগা সমস্যাৰ শান্তি পূৰ্ণ সমাধান তেওঁ বিচাৰে যদিও তাৰ বাবে মনিপুৰৰ অখণ্ডতা বিঘ্নিত হবলৈ কেতিয়াও নিদিয়ে ।

মুখ্যমন্ত্ৰী বীৰেন্দ্ৰ সিঙে জনাই যে, নগা শান্তি চুক্তি সম্পাদন কৰাৰ আগতে মনিপুৰী জনতাৰ মনৰ বুজ লবলৈ চলিত নবেম্বৰ মাহৰ শেষৰ সপ্তাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ নিজেই আহি মনিপুৰত উপস্থিত হ’বহি । পৰিস্থিতি অনুসৰি তেওঁ নগালেণ্ড ভ্ৰমন কৰাৰো সম্ভাৱনা আছে । অৰ্থাৎ নবেম্বৰৰ শেষৰ ফালে নগালেণ্ড- মনিপুৰৰ পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ আশংকা স্পষ্ট হৈ উঠিছে । শনিবাৰে মুখ্যমন্ত্ৰী বীৰেন্দ্ৰ সিঙে সংবাদমেলত কৰা মন্তব্যই এন এছ চি এন- আই এমৰ ভিতৰচৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ নাগ্ৰীজুলিত পথ দুৰ্ঘটনা:শিশুসহ আহত এটি পৰিয়ালৰ পাঁচ গৰাকী

ABOUT THE AUTHOR

...view details