অসম

assam

ETV Bharat / state

নাগৰিকত্ব সংশোধনী বিধেয়ক এটা ললিপপ - নৱ কুমাৰ শৰণীয়া

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তৰ্ক -বিতৰ্ক চলি থকাৰ মাজতে আজি এই বিলখনৰ সমৰ্থনতো নাই আৰু বিৰুদ্ধেও নাই বুলি নিৰ্বাচনৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ মন্তব্য  কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই ।

নাগৰিকত্ব সংশোধনী বিধেয়ক এটা ললিপপ - নৱ কুমাৰ শৰণীয়া

By

Published : Apr 19, 2019, 3:20 PM IST

গুৱাহাটী,19 এপ্ৰিল: "নাগৰিকত্ব সংশোধনী বিধেয়ক এটা ললিপপ । ৰাজনৈতিক দলসমূহে নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ ৰাজনীতি কৰিছে, মই এই বিলখনৰ সমৰ্থনতো নাই আৰু বিৰুদ্ধেও নাই৷" এই মন্তব্য কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াৰ ।

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তৰ্ক -বিতৰ্ক চলি থকাৰ মাজতে আজি এই বিলখনৰ সমৰ্থনতো নাই আৰু বিৰুদ্ধেও নাই বুলি নিৰ্বাচনৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই । কেৱল এয়াই নহয়, দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত নাগৰিকত্ব সংশোধনী বিধেয়কখন এটা ললিপপ বুলি উল্লেখ কৰি ৰাজনৈতিক দলসমূহে ইয়াকে লৈ ৰাজনীতি কৰিছে বুলি কয় নৱ কুমাৰ শৰণীয়াই ।

নাগৰিকত্ব সংশোধনী বিধেয়ক এটা ললিপপ - নৱ কুমাৰ শৰণীয়া

সংবাদমেলত কংগ্ৰেছ আৰু বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীক আক্ৰমণ কৰাৰ লগতে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলকো আক্ৰমণৰ লক্ষ্য কৰি লয় শৰণীয়াই । আজমলে ধুবৰী আৰু বৰপেটাত বসবাস কৰা বড়ো লোকসকলৰ ভোটৰ স্বাৰ্থতে কোকৰাঝাৰত ইউ পি পি এলৰ প্ৰাৰ্থীক সমৰ্থন জনাইছে বুলি কয় প্ৰাৰ্থীগৰাকীয়ে । লগতে আজমল ভগৱান নহয় আৰু আজমলৰ পানী জৰাৰ দিন আৰু নাই বুলিও মন্তব্য কৰে নৱ কুমাৰ শৰণীয়াই ।আনহাতে, এইবাৰ কোকৰাঝাৰত 60 শতাংশ ভোট লাভ কৰিব বুলিও মন্তব্য কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details