অসম

assam

ETV Bharat / state

৬৫০ কোটি টকা কাগজ কল কৰ্মচাৰীৰ প্ৰাপ্য; চৰকাৰৰ বদান্যতা নহয় : প্ৰদ্যুৎ বৰদলৈ

সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । বিজেপি চৰকাৰক কেইবাটাও বিষয় সন্দৰ্ভত কঠোৰ সমালোচনা কৰে সাংসদগৰাকীয়ে ৷ এই বিষয়সমূহৰ ভিতৰত অন্যতম আছিল কাগজকলৰ প্ৰসংগ ৷

papermill
প্ৰদ্যুৎ বৰদলৈৰ সংবাদমেল

By

Published : Sep 6, 2021, 3:48 PM IST

গুৱাহাটী, ৬ ছেপ্টেম্বৰ : ‘‘জাগীৰোড আৰু কাছাৰৰ পাঁচগ্ৰাম কাগজকলৰ দুৰ্ভগীয়া কৰ্মচাৰীৰ বাবে ৬৫০ কোটি টকা মোকলাই দিয়াটো কৰ্মচাৰী সকলৰ বাবে চৰকাৰৰ বদান্যতা নহয় । সেয়া কাগজ কল দুটাৰ কৰ্মচাৰী সকলৰ প্ৰাপ্য ।’’ সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এইদৰে মন্তব্য কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । সাংসদ গৰাকীয়ে ৰাজীৱ ভৱনত এখন সংবাদমেলত ভাগ লৈ কয় যে, প্ৰদেশ কংগ্ৰেছ সদায় কাগজ কল দুটাৰ কৰ্মচাৰী সকলৰ পক্ষত আছে । কৰ্মচাৰী সকলক পোন্ধৰ দিনৰ ভিতৰত আৱাস খালি কৰিবলৈ দিয়া নিৰ্দেশক হঠকাৰী, অহংকাৰী সিদ্ধান্ত আৰু ইয়াৰ কোনো যুক্তিসংগত কাৰণ নাই বুলি সাংসদ গৰাকীয়ে অভিহিত কৰে ।

লগতে পঢ়ক :তিনি শতাধিক যুৱক ISIS ত প্ৰশিক্ষণ লৈ হৈছে সাজু অসমত সোমাবলৈ : হিন্দু যুৱ ছাত্ৰ পৰিষদ

প্ৰদ্যুৎ বৰদলৈয়ে সংবাদমেলত আৰু কয় যে আৰম্ভনিৰে পৰাই এইছ পি চিয়ে অসম আৰু মিজোৰামৰ কিছু অংশৰ পৰা বাঁহ সংগ্ৰহ কৰি কাগজ তৈয়াৰ কৰাৰ বাবে ১০০ বছৰৰ লীজ লাভ কৰিছিল । চৰকাৰে এই কোম্পানীটো তলাবন্ধ কৰি ৰাখিছে আৰু কাৰোবাৰ ব্যক্তিগত মুনাফা আদায়ৰ স্বাৰ্থত এই বাহবিলাক ব্যক্তিবিশেষৰ হাতত গতোৱাৰ ষড়যন্ত্ৰ কৰিছে ।

প্ৰদ্যুৎ বৰদলৈৰ সংবাদমেল

অভিযোগ অনুসৰি কোম্পানী খালি কৰাৰ আঁৰৰ কাহিনী হৈছে বাঁহ ৷ অসম চৰকাৰে এই বাঁহ ইথানল জাতীয় উচ্চ চাহিদাযুক্ত আৰু উচ্চ মূল্যৰ সামগ্ৰী তৈয়াৰ কৰাৰ বাবে পঠিওৱাৰ এক অভিসন্ধি ৰচিছে ।

লগতে পঢ়ক :বাহনৰ মূল্য 1.9 শতাংশলৈ বৃদ্ধিৰ সিদ্ধান্ত Maruti Suzuki India ৰ

ঠিক তেনেদৰে পাঁচগ্ৰামৰ তৈল খাদ কি চুক্তিত ব্যক্তিগত খণ্ডক গতাব খুজিছে সেই কথাও চৰকাৰে স্পষ্ট কৰিব লাগে বুলি মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে । যিকোনো ৰাজহুৱা সম্পদ ব্যক্তিগত খণ্ডক গতোৱাৰ প্ৰক্ৰিয়া বন্ধ কৰিবলৈও তেওঁ দাবী জনায় ।

লগতে পঢ়ক :বণিয়াকুছিত আটক খাৰুৱা তেলচোৰৰ গেং

আনহাতে, শেহতীয়াকৈ কাৰ্বি আংলঙৰ ছয় বিদ্ৰোহী সংগঠনৰ সৈতে চৰকাৰে শান্তি চুক্তি স্বাক্ষৰ কৰা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ গৰাকীয়ে কয় যে, এতিয়ালৈকে এইখন চৰকাৰে বি টি আৰকে ধৰি যিসমূহ চুক্তি স্বাক্ষৰ কৰিলে সেই অনুসৰি উক্ত অঞ্চল সমূহৰ বাবে কিমান ধন মোকলাই দিয়া হ'ল সেই সম্পৰ্কে ৰাজ্য চৰকাৰে এখন স্বেতপত্ৰ প্ৰকাশ কৰিব লাগে ।

লগতে পঢ়ক :ক’ভিড প্ৰট’কল মানি চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত পাঠদান আৰম্ভ

ABOUT THE AUTHOR

...view details