অসম

assam

ETV Bharat / state

কেবৰ বিৰুদ্ধে বৃদ্ধাৰ প্ৰতিবাদ

কেবৰ বিৰোধিতাত মহানগৰীৰ মাডাৰ বৃদ্ধাৱাসৰ আইতাসকলৰ প্ৰতিবাদ ৷

By

Published : Dec 9, 2019, 7:37 PM IST

MOTHER OLD AGE HOME PEOPLE PROTEST
কেবৰ বিৰুদ্ধে বৃদ্ধাৰ প্ৰতিবাদ

গুৱাহাটী, ৯ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ লগতে শিক্ষাৰ্থী,শিল্পী,বিদ্বৎ সমাজে প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে এইবাৰ বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে। সোমবাৰে গুৱাহাটী মহানগৰীৰ মাডাৰ বৃদ্ধাৱাসৰ আইতাসকলে হাতে হাতে প্লে'কাৰ্ড লৈ বিৰোধিতা কৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ। বৃদ্ধাৱাসৰ আৱাসীসকলে কেব আমাক নালাগে শ্ল'গানেৰে চৌদিশ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰি বিধেয়কখনৰ বিৰোধিতা কৰে ৷ বৃদ্ধাৱাসৰ আইতাসকলে লগতে এই বিধেয়কখন কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিয়ে।

কেবৰ বিৰুদ্ধে বৃদ্ধাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details