অসম

assam

অসম চিকিৎসা সেৱা নিগমৰ জৰিয়তে সুলভ মূল্যত লাভ কৰিব ঔষধ

By

Published : Aug 31, 2022, 4:09 PM IST

গুৱাহাটীত মুকলি কৰা হ’ল Assam medical service corporation limited ৰ এটা কাৰ্যালয় গৃহ ৷ স্বাস্থ্য বিভাগৰ সকলো ঔষধৰ ক্ৰয় প্ৰক্ৰিয়া এই নিগমৰ জৰিয়তে হ’ব বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।

Assam medical service corporation limited
অসম চিকিৎসা সেৱা নিগমৰ জৰিয়তে সুলভ মূল্যত লাভ কৰিব ঔষধ

গুৱাহাটী, ৩১ আগষ্ট: পৱিত্ৰ গণেশ চতুৰ্থীৰ দিনা মহানগৰীৰ নাৰেংগীস্থিত চেন্ট্ৰেল ড্ৰাগ বেৱাৰ হাউচ(Central Drug weber house Guwahati) কেম্পাচত চিকিৎসা সেৱা নিগমৰ এটা কাৰ্যালয় গৃহ মুকলি কৰা হয় । এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত অত্যাধুনিক সা-সুবিধাসম্পন্ন কাৰ্যালয় গৃহটো আনুষ্ঠানিকভাৱে মুকলি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই(Health minister Keshab Mahanta) ।

অসম চিকিৎসা সেৱা নিগমৰ জৰিয়তে সুলভ মূল্যত লাভ কৰিব ঔষধ

কাৰ্যালয় মুকলি কৰি ভাষণ প্ৰসংগত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে, ২০১৬ চনত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুচিন্তাৰ ফচল অসম চিকিৎসাসেৱা নিগম আৰম্ভ হৈছিল । এতিয়াৰে পৰা এই নিগমটোক অধিক দায়িত্ব আৰু ক্ষমতা অৰ্পণ কৰাৰ বাবে স্বাস্থ্য বিভাগে তৎপৰতা গ্ৰহণ কৰিছে । স্বাস্থ্য বিভাগত সকলো দৰৱ-পাতিকে ধৰি সকলো ক্ৰয় প্ৰক্ৰিয়া এই নিগমৰ জৰিয়তে হ’ব ।

তাৰোপৰি এই নিগমৰ জৰিয়তে ৰাইজে যাতে নিয়মীয়াভাৱে হাস্পতালত ঔষধ পায় তাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে । এই নিগমক স্বতন্ত্ৰভাৱে পৰিচালনাৰ বাবে দায়িত্ব অৰ্পন কৰা হৈছে । সেই অনুসৰি এই নিগমৰ অধ্যক্ষ হিচাবে থাকিব আই এ এছ বিষয়া অবিনাশ যোশী (IAS officers Avinash Joshi)। তাৰোপৰি পৰিচালন সঞ্চালক হিচাবে থাকিব ভাৰতবৰ্ষৰ প্ৰখ্যাত চিকিৎসক ডাঃ ৰবীন কুমাৰ ।

ইতিমধ্যে নিগমৰ বাবে প্ৰয়োজনীয় বিষয়া-কৰ্মচাৰীৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । আনহাতে চলিত বছৰৰ পৰাই অসমৰ ৰাইজে সময়মতে সকলো ঔষধ-পাতি পোৱাৰ সা- সুবিধা উপলব্ধ হ’ব বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে কয়, এই নিগমৰ অধীনত নিজা ফাৰ্মাচী থাকিব । বজাৰতকৈ কম মূল্যত যাতে ঔষধ পায় তাৰ বাবে ইতিমধ্যে চিন্তা চৰ্চা কৰা হৈছে বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:দিব্যাংগসকলৰ সাংবিধানিক সংৰক্ষণ ব্যৱস্থাৰ নিশ্চিতি প্ৰদান পীযুষ হাজৰিকাৰ

ABOUT THE AUTHOR

...view details