অসম

assam

By

Published : Jun 10, 2022, 3:27 PM IST

ETV Bharat / state

মন্ত্রী সিংহলৰ হাততে আছে গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্ব

মন্ত্ৰী অশোক সিংহলৰ পৰা গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্ব কৰ্তন কৰা বুলি চলা প্ৰচাৰ শুদ্ধ নহয় বুলি বিবৃতিযোগে স্পষ্ট কৰি দিছে জনসংযোগ বিভাগে । অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগ আৰু নগৰ উন্নয়ন বিভাগৰ চামিলকৰণেৰে পূৰ্বেই গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগ গঠন কৰা হৈছে ।

মন্ত্রী অশোক সিংহলৰ হাততে আছে গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্ব
মন্ত্রী অশোক সিংহলৰ হাততে আছে গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্ব

গুৱাহাটী, ১০ জুন: বৃহস্পতিবাৰে হোৱা মন্ত্ৰীসভাৰ সাল-সলনিৰ পাছতে গুৱাহাটী উন্নয়ন বিভাগটোক লৈ সৃষ্টি হোৱা প্ৰশ্ন সন্দৰ্ভত স্পষ্টীকৰণ দিছে জনসংযোগ বিভাগে । সেই অনুসৰি মন্ত্ৰী অশোক সিংহলৰ হাততেই আছে গুৱাহাটী উন্নয়ন বিভাগ (Minister Ashok Singhal still is in charge of GDD) । মন্ত্ৰীগৰাকীৰ পৰা গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্ব কৰ্তন কৰা বুলি চলা প্ৰচাৰ শুদ্ধ নহয় বুলি এক বিবৃতিৰ জৰিয়তে জনসংযোগ বিভাগে স্পষ্ট কৰি দিছে ।

বিবৃতিটোত কোৱা হৈছে যে অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগ আৰু নগৰ উন্নয়ন বিভাগৰ চামিলকৰণেৰে পূৰ্বেই গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগ গঠন কৰা হৈছে । এই পদক্ষেপৰ জৰিয়তে গুৱাহাটীৰ উন্নয়নৰ দায়িত্বও গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ ওপৰতে অৰ্পণ কৰা হৈছে । পূৰ্বৰে পৰা এই বিভাগৰ দায়িত্বত আছে মন্ত্ৰী অশোক সিংহল । সেয়ে সামগ্ৰিকভাৱে সমগ্ৰ নগৰ পৰিক্ৰমা বিভাগৰ লগতে গুৱাহাটীৰ উন্নয়নৰ দায়িত্বও মন্ত্ৰী অশোক সিংহলৰ ওপৰতে ন্যস্ত হৈ আছে । এইক্ষেত্ৰত মন্ত্ৰী অশোক সিংহলক গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্বৰ পৰা আঁতৰাই দিয়া বুলি প্ৰচাৰিত বাতৰি ভুল আৰু বিভ্ৰান্তিকৰ বুলি সদৰি কৰিছে জনসংযোগ বিভাগে ।

লগতে পঢ়ক:পৌৰসভাৰ কাণ্ডজ্ঞানহীনতা: ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত ৰাজহুৱা খেলপথাৰ

ABOUT THE AUTHOR

...view details