গুৱাহাটী, ২১ নৱেম্বৰ : মহানগৰীত চিটি বাছৰ দৌৰাত্ম । মহানগৰীৰ মাজ-মজিয়াতে এইবাৰে চিটি বাছে মহতিয়াই নিলে দুজনকৈ স্কুটী আৰোহীক । দেওবাৰে সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুই স্কুটী আৰোহী ৷ এই দুৰ্ঘটনা সংঘটিত হয় জালুকবাৰী আৰক্ষী থানাৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰৈত থকা বড়িপাৰা উৰণীয়া সেঁতুত ৷
জানিব পৰা মতে, মৃত লোক দুজন হ’ল জলফাইগুৰীৰ গোবিন্দ প্ৰধান আৰু কাছাৰৰ শিবু সিনহা । আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, দেওবাৰে বিয়লি প্ৰায় ৪ বজাত বড়িপাৰা উৰণীয়া সেঁতুত ভৰলু দিশৰ পৰা আদাবাৰীৰ দিশে গৈ থকা WB 58 BH 1338 নম্বৰ স্কুটীখনক পিছফালৰ পৰা একে দিশৰ পৰা অহা AS 01 KC 5638 নম্বৰৰ চিটি বাছখনে খুন্দা মাৰে ৷
ফলত স্কুটীৰ দুই আৰোহী গুৰুতৰভাৱে আহত হয় । পৰৱৰ্তী সময়ত ঘটনাথলীত আৰক্ষী উপস্থিত হৈ আহত দুই স্কুটী আৰোহীক স্বাগতা হাস্পতালৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে লোক দুজনক মৃত বুলি ঘোষণা কৰে । ইপিনে দুৰ্ঘটনা সংঘটিত কৰি বাছ এৰি পলায়ন কৰে চালকে ।
প্ৰাপ্ত তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহন আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখে ৷ আনকি আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে আইনী প্ৰক্ৰিয়াও ৷ ইফালে প্ৰত্যক্ষদৰ্শীৰ অভিযোগ, দুৰ্ঘটনা খবৰ লাভ কৰিও বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষী ৷ আৰক্ষী পলমকৈ অহাৰ সুযোগ লৈ সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হ’ল আৰক্ষী ৷ এতিয়া প্ৰশ্ন হয়, কেতিয়া মহানগৰীৰ কমিব চিটি বাছৰ দৌৰাত্ম ? যান-বাহন আৰক্ষীয়ে নাকী লগাবলৈ সক্ষম হ’বনে মহানগৰীৰ একাংশ উদণ্ড চিটি বাছ চালকক ?
লগতে পঢ়ক :Golaghat Road Accident : প্ৰাণ হেৰুৱালে অসম আৰক্ষী(Assam Police)ৰ জোৱানে