গুৱাহাটী, ১৫ মাৰ্চ:পশ্চিম বংগৰ হালদিয়াৰ পৰা মাল কঢ়িয়াই অনা এম ভি ৰাম প্ৰসাদ বিছমিল(MV Ramprashad Bismil) জাহাজখন ব্ৰহ্মপুত্ৰৰ ওপৰেৰে যাত্ৰা কৰি মঙ্গলবাৰে গুৱাহাটীৰ পাণ্ডু বন্দৰত প্ৰৱেশ কৰে । ৯০ মিটাৰ দীঘল জাহাজ এমভি ৰাম প্ৰসাদ বিছমিলৰ লগতে ডিবি কল্পনা চাওলা আৰু ডিবি এপিজে আব্দুল কালাম জাহাজ দুখনে টি এম টি বাৰ কঢ়িয়াই আনিছে ।
কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চলিত বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীত হালদিয়াৰ শ্যামাপ্ৰসাদ মুখার্জী বন্দৰত(Shyamaprasad Mukherjee port) দুটা বার্জ - ডিবি কল্পনা চাওলা আৰু ডিবি পি জে আব্দুল কালামৰ সৈতে এমভি ৰাম প্ৰসাদ বিছমিল জাহাজখনৰ ফ্লেগ অফ কৰিছিল । নতুন দিল্লীৰ পৰা ভাৰ্চুৱেলী সম্বোধন কৰি সৰ্বানন্দ সোণোৱালে মঙ্গলবাৰৰ এই বিশেষ উপলক্ষত কৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টিভংগী হৈছে ভাৰতৰ বিকাশৰ ইঞ্জিনক শক্তি প্ৰদান কৰাৰ বাবে উত্তৰ-পূবৰ অষ্টলক্ষ্মীৰ সম্ভাৱনাক উজ্জীৱিত কৰা ।
এয়া কেৱল পৰিবহণৰ আটাইতকৈ সহজসাধ্য আৰু পাৰিপাৰ্শ্বিকভাৱে উপযোগী মাধ্যমেই নহয়, ই বিশ্বৰ অন্যান্য প্ৰান্তৰ সৈতে সামুদ্ৰিক নেটৱৰ্ক শক্তিশালী কৰি উত্তৰ-পূবৰ বেপাৰ বাণিজ্যৰ বাবে বহু প্ৰতীক্ষিত সংযোগীকৰণ নিশ্চিত কৰিছে । তেওঁ কয় যে যিহেতু আজি পাণ্ডুত ব্ৰহ্মপুত্ৰৰে চলাচল কৰা এই দীর্ঘতম জাহাজখনৰ পাইলট পদক্ষেপ সফল হৈছে, সেয়েহে অসম তথা উত্তৰ-পূব ভাৰতৰ অর্থনৈতিক ভেটি মজবুত কৰাত ইয়াৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হ'ব পাৰে ।
যাত্রাপথত সংশ্লিষ্ট দলটোৱে বহুতো প্ৰত্যাহ্বানমূলক গভীৰতা, বাধা নেওচি উক্ত জলপথেদি জাহাজ চলাচল কৰাটো সম্ভৱ কৰি তুলিছে । আমি অসমত জল পৰিবহণৰ ক্ষেত্ৰত ব্যৱসায়িক সার্থকতা আনিবলৈ আৰু উত্তৰপূব ভাৰতৰ অর্থনৈতিক ভাগ্য হিচাপে ব্ৰহ্মপুত্ৰৰ জীৱনীশক্তিক পুনৰুজ্জীৱিত কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ ।