অসম

assam

ETV Bharat / state

যশস্বী অভিনেতা বিজু ফুকনৰ আজি জন্মদিন

অসমীয়া ছবিজগতক মহানায়ক বিজু ফুকনৰ আজি ওপজা দিন(Legendary Assamese actor Biju Phukan birthday) ৷ ১৯৪৭ চনত আজিৰ দিনটোতে ডিব্ৰুগড়ত জন্ম লাভ কৰা বিজু ফুকনে আজলী নবৌ, বোৱাৰী আদি সৰ্বকালৰ সফলতম অসমীয়া ছবিত কৰা অভিনয়ৰ দ্বাৰা নিজকে অসমীয়া চলচিত্ৰ জগতৰ এজন অন্যতম তাৰকা অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ৷

Legendary Assamese actor Biju Phukan
অসমীয়া চলচ্চিত্ৰ জগতৰ খ্যাতনামা অভিনেতা বিজু ফুকন

By

Published : Feb 18, 2022, 8:27 AM IST

নিউজ ডেস্ক, 18 ফেব্ৰুৱাৰী : অসমীয়া চলচ্চিত্ৰ জগতৰ খ্যাতনামা অভিনেতা তথা মহানায়ক প্ৰয়াত বিজু ফুকনৰ আজি জন্ম জয়ন্তী (Legendary Assamese film actor Biju Phukans birthday ) ৷ জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ ডাঃ বেজবৰুৱাত (Assamese movie Dr. bezbaruah) এটা তেনেই সৰু চৰিত্ৰত অভিনয় কৰি পাছলৈ তেওঁ নিজকে অসমীয়া চলচিত্ৰ জগতৰ এজন বলিষ্ঠ অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় ৷

বিজু ফুকন

তেখেতে অভিনয় কৰা আজলী নবৌ, বোৱাৰী আদি সৰ্বকালৰ সফল অসমীয়া চলচ্চিত্ৰ বুলি গণ্য কৰা হয় । বিজু ফুকনক এগৰাকী চলচিত্ৰ পৰিচালক হিচাপেও জনা যায় ৷ এইজনা বিজু ফুকনৰ জন্ম ১৯৪৭ চনত ডিব্ৰুগড় জিলাত হয় । তেখেতৰ পিতৃ অতুল চন্দ্ৰ ফুকন এগৰাকী সামৰিক বিষয়া আছিল ৷ ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ত বিজু ফুকনে পঢ়া-শুনা কৰিছিল ।

অসমীয়া চলচ্চিত্ৰ জগতৰ খ্যাতনামা অভিনেতা বিজু ফুকন

তেওঁৰ প্ৰকৃত নাম আছিল বিজয় ফুকন । চলচিত্ৰ জগতলৈ অহাৰ পাছত তেওঁ ঘৰত মতা নাম 'বিজু'ৰে নিজৰ চিনাকি দি জনপ্ৰিয় হৈ পৰে । ব্ৰজেন বৰুৱাৰ দ্বাৰা নিৰ্মিত ব্যৱসায়িকভাৱে সফল চলচিত্ৰ ডাঃ বেজবৰুৱাত এটা গানৰ দৃশ্যত অভিনয় কৰাৰ পাছত বিজু ফুকনে একে বছৰতে নিপ বৰুৱাৰ দ্বাৰা নিৰ্মিত চলচিত্ৰ 'বৰুৱাৰ সংসাৰ'ত নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰে । ইয়াৰ পাছতে, একেধাৰে কেবাখনো সফল অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি তাৰকা অভিনেতা হিচাপে প্ৰতিষ্ঠিত হয় বিজু ফুকন।

70 আৰু 80ৰ দশকত তেওঁ প্ৰায় 40খন চলচিত্ৰত নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল । বিজু ফুকনে ভবেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱাৰ চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও ভ্ৰাম্যমাণ থিয়েটাৰটো (Mobile theatre in Assam) দূৰ্দান্ত অভিনয়ৰ দ্বাৰা দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল । অসমীয়া চলচিত্ৰৰ লগতে বিজু ফুকনে বাংলা ভাষাৰ চলচিত্ৰ হোটেল শ্বোফক্স, অপৰাজিত, দস্যু ৰত্নাকৰ, গজমুক্তাৰ লগতে দূৰদৰ্শনৰ বিভিন্ন ধাৰাবাহিক আৰু টেলিফিল্মত অভিনয় কৰে ।

80ৰ দশকত তেওঁ ছবি পৰিচালনাত হাত দিয়ে, তেওঁৰ দ্বাৰা পৰিচালিত ছবি 'ভাই-ভাই' ব্যৱসায়িকভাৱে যথেষ্ট সফল হয় ৷ কেৱল অভিনয়েই নহয় ৰাজনীতিতো ভৰি থৈছিল বিজু ফুকনে । তেওঁ 1999 চনৰ লোকসভা নিৰ্বাচনত অসম গণ পৰিষদ দলৰ হৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল । কিন্তু এই নিৰ্বাচনত পৰাজিত হৈছিল অসমীয়া ছবিজগতৰ মহানায়কজন । 2017 চনৰ 22 নৱেম্বৰত এইগৰাকী মহান শিল্পীয়ে গুৱাহাটীৰ এপল' হাস্পতালত 70 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ।

লগতে পঢ়ক :FIR Against Political Leader: ৰাজ্যৰ ৰাজনীতিত এজাহাৰ দাখিলৰ অঘোষিত প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details