অসম

assam

ETV Bharat / state

কংগ্ৰেছ-বিপিএফৰ কেইবাজনো নেতাৰ বিজেপিত যোগদান

কংগ্ৰেছৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ গৌতম ধানোৱাৰ আৰু অসম চাহ মজদুৰ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা অসম বিধান সভাৰ পুত্ৰ অধ্যক্ষ পৃথিৱী মাঝিৰ পুত্ৰ প্ৰদীপ মাঝিয়ে দেওবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে । বিটিআৰৰ দুই এমচি এলএৰো বিজেপিত যোগদান ।

By

Published : Oct 17, 2021, 10:10 PM IST

কংগ্ৰেছ-বিপিএফৰ কেইবাজনো নেতাৰ বিজেপিত যোগদান
কংগ্ৰেছ-বিপিএফৰ কেইবাজনো নেতাৰ বিজেপিত যোগদান

গুৱাহাটী,১৭ অক্টোবৰ : চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা কংগ্ৰেছৰ দুই প্ৰভাৱশালী যুৱ নেতাই দেওবাৰে বিজেপিত যোগদান কৰে । কংগ্ৰেছৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ গৌতম ধানোৱাৰ আৰু অসম চাহ মজদুৰ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ পৃথিৱী মাঝিৰ পুত্ৰ প্ৰদীপ মাঝিয়ে দেওবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ।

কংগ্ৰেছ-বিপিএফৰ কেইবাজনো নেতাৰ বিজেপিত যোগদান

এই উপলক্ষে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এক অনুষ্ঠানৰ আয়োজন কৰা হয় । বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই দুয়োজন নেতাক দলত আদৰণী জনায় । আনহাতে, আজিৰ অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক শৈলেন কলিতা, বিটিআৰৰ এমচিএলএ ৰাজীৱ ব্ৰহ্ম আৰু প্ৰভাত বসুমতাৰী, কংগ্ৰেছ কমী চুমি কলিতা, হিমাংশু শেঠীয়া, অধিবক্তা মিন্টু কলিতা, ছাত্ৰ নেতা হিৰক দাস, সাংস্কৃতিক কর্মী শেখৰ জ্যোতি বৈশ্যকে ধৰি বিভিন্ন দলৰ বহু কেইজন লোকে বিজেপিত যোগদান কৰে । ‌

অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, সাধাৰণ সম্পাদক পল্লৱলোচন দাস আৰু ৰাজ্যিক উপ সভাপতি জয়ন্ত কুমাৰ দাসে উপস্থিত আছিল । দলত সকলোকে আদৰণী জনাই ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে, এই যোগদানৰ যোগেদি দলৰ ভেটি আৰু অধিক শক্তিশালী হ'ব ।

লগতে পঢ়কঃপৰ্যটন ক্ষেত্ৰলৈ সুখবৰ; পৰ্যটক সোঁত বৈছে কাজিৰঙালৈ

ABOUT THE AUTHOR

...view details