গুৱাহাটী, 31 জুলাই : বিগত নাট্যবৰ্ষৰ দৰে চলিত ২০২৩ - ২৪ নাট্যবৰ্ষৰ বাবে সাজু হৈছে আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ইতিহাস থিয়েটাৰ । দুগৰাকীকৈ বিশিষ্ট নাট্যকাৰৰ তিনিখন ভিন্ন ধৰ্মী নাটকেৰে সাজু হৈছে ইতিহাস থিয়েটাৰ । জনপ্ৰিয় অভিনেতা প্ৰসেনজিৎ বৰা আৰু জনপ্ৰিয় অভিনেত্ৰী নিৰ্মালী সোণোৱাল বৰাৰ লগতে কেইবাগৰাকীও ন পুৰণি অভিনেতা-অভিনেত্ৰী, শিল্পী তথা কলা-কুশলীক লৈ সাজু হৈছে ভ্ৰাম্যমাণ নাট্যদলটি ।
সোমবাৰে মহানগৰীস্থিত মা ষ্টুডিঅ’ত আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদলটিৰ এখন বিশেষ নাটৰ এটি ৰোমাণ্টিক গীত মুকলি কৰা হয় ৷ বিশিষ্ট নাট্যকাৰ তথা পৰিচালক অভিজিত ভট্টাচাৰ্যৰ ৰচিত এখন ব্যয়বহুল নাট "কেপ্টেইন অবিনাশ"ৰ ৰোমাণ্টিক গীত "মৰম মৰম" আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । গীতটিৰ মুকলি ক্ষণত উপস্থিত থাকে ইতিহাস থিয়েটাৰৰ প্ৰযোজক সুভাষ চন্দ্ৰ নাথ, সম্পাদক ৰনজিৎ দত্ত, অভিনেতা প্ৰসেনজিৎ বৰা আৰু অভিনেত্ৰী নিৰ্মালী সোণোৱাল বৰাৰ লগতে সংগীত শিল্পী অজয় ফুকনসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।