অসম

assam

ETV Bharat / state

লক ডাউনঃ আইএছবিটিত আবদ্ধ বাছ কৰ্মচাৰী

সমগ্ৰ ভাৰতত ২১ দিনৰ বাবে লক ডাউন ৷ গুৱাহাটীস্থিত আন্তৰাজ্যিক বাছ আস্থানত আবদ্ধ বাছ কৰ্মচাৰীসকল । প্ৰয়োজনীয় সুবিধাৰ পৰাও বঞ্চিত আইএছবিটিত আবদ্ধ হৈ থকা বাছ কৰ্মচাৰী সকল।

By

Published : Mar 29, 2020, 12:01 AM IST

isbt-employees-facing-troubles-because-of-lock-down
আই এছ বি টিত আবদ্ধ বাছ কৰ্মচাৰী সকল

গুৱাহাটী,28মাৰ্চঃজীৱনৰ সৰহভাগ সময় দ্ৰুত গতিতে থকা বাছ কৰ্মচাৰী সকলৰ গতি স্তব্ধ হৈ পৰিছে ২১ দিনৰ বাবে । কৰ'ণা ভাইৰাছৰ আতংকত নিজৰ নিজৰ বাছ সমূহ লৈ আন্তৰাজ্যিক বাছ আস্থানত আবদ্ধ হৈ পৰিছে শতাধিক বাছ কৰ্মচাৰী । প্ৰথম অৱস্থাত ৬ দিনৰ বাবে ভাৰত বন্ধ ঘোষণা কৰাৰ পিছত কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে ২১ দিনলৈ বৃদ্ধি কৰিলে লক ডাউন ।

আই এছ বি টিত আবদ্ধ বাছ কৰ্মচাৰী সকল

এসপ্তাহৰ খাদ্য সামগ্ৰী লৈ মহানগৰীৰ লখৰাস্থিত আই এছ বি টিত কৰ'ণা ভাইৰাছৰ ভয়ত নিজকে আবদ্ধ কৰি ৰখা বাছ কৰ্মচাৰী সকল লক ডাউনৰ চতুৰ্থ দিনাই চিন্তিত হৈ পৰিছে আহিবলগীয়া দিনৰ খাদ্যৰ বাবে । আই এছ বি টিত আবদ্ধ হৈ থকা বাছ কৰ্মচাৰী সকল খাদ্য সংকটত পৰাৰ লগতে বঞ্চিত হৈ ৰৈছে অন্যান্য আৱশ্যকীয় সুবিধা সমূহৰ পৰা । আই এছ বি টিৰ কৰ্তৃপক্ষই খোৱা পানী আৰু শৌচালয়ত তলা লগাই গুচি যোৱাৰ বাবে এটোপাল খোৱা পানী আৰু শৌচালয়ৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হৈছে এই বাছ কৰ্মচাৰীসকল । আই এছ বি টিত আবদ্ধ হৈ থকা বাছ কৰ্মচাৰী সকলৰ চৰকাৰক আহ্বান তেওঁলোকৰ বাবে চৰকাৰে খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে খোৱা পানী আৰু শৌচালয়ৰ সুবিধা কৰি দিব লাগে।

লগতে পঢ়কঃঅক্ষয় কুমাৰৰ 25 কোটি ,বৰুণ ধাৱানৰ 30 লাখ প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ

ABOUT THE AUTHOR

...view details