গুৱাহাটী , 3 জুনঃ পুনৰ মুখ্যমন্ত্ৰীৰ আখ্যা পালে স্বাস্থ্য মন্ত্ৰীয়ে ৷ তৃণমূলৰ কৰ্মী-বিধায়ক নহয়,মন্ত্ৰী সাংসদৰ মুখত বাৰে বাৰে মুখ্যমন্ত্ৰী হিচাপে সম্বোধন পোৱাৰ পাছত প্ৰতিমাহে প্ৰকাশ পোৱা স্বয়ং বিজেপি বাৰ্তাত মুখ্যমন্ত্ৰীৰ আখ্যা পালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বিৱৰণী মতে,প্ৰতিমাহৰ দৰে যোৱা ১ জুনত প্ৰকাশ পোৱা বিজেপি বাৰ্তাৰ শেষপৃষ্ঠাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামৰ আগত স্বাস্থ্যমন্ত্ৰীৰ পৰিৱৰ্তে ছপাশালৰ যান্ত্ৰিক বিজুতিৰ বাবে মুখ্যমন্ত্ৰী হিচাপে প্ৰকাশ পায় ৷
আকৌ এবাৰ মুখ্যমন্ত্ৰী হ’ল ডঃ হিমন্ত বিশ্ব শৰ্মা
কেবাজনো মন্ত্ৰী-সাংসদৰ মুখত বহুবাৰ মুখ্যমন্ত্ৰী হিচাপে সম্বোধিত হোৱাৰ পাছত এইবাৰ বিজেপি দলৰ আনুষ্ঠানিক দলিলত মুখ্যমন্ত্ৰীৰ সন্মান পালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ছপাশালৰ ভুল বুলি ক্ষমা বিচাৰিলে সম্পাদক ড:দেৱদত্ত বৰকটকীয়ে ৷
বুধবাৰে এই সংক্ৰান্তত আলোচনীখনৰ সম্পাদক ড:দেৱদত্ত বৰকটকীয়ে সংবাদ মাধ্যমৰ সমুখত মন্তব্য কৰে যে,সম্পাদক হিচাপে এই ঘটনাক লৈ দুঃখিত ৷ কিন্ত এই ঘটনাক লৈ ছ'চিয়েল মিডিয়া আৰু কিছু সংবাদ মাধ্যমত যি বাতৰি প্ৰকাশ পাইছে,সেয়া ইমানতেই সমাপ্ত কৰিবলৈ অনুৰোধ জনায় সম্পাদক গৰাকীয়ে ৷ লগতে আলোচনী খনত হোৱা ভুলক ছপাশালৰ ভুল বুলি সকলোৱে গণ্য কৰিলেই কৃতাৰ্থ হ’ম বুলিও মন্তব্য কৰে ড:দেৱদত্ত বৰকটকীয়ে ৷ উল্লেখযোগ্য যে , বিগত 1 জুনত সাংসদ দিলীপ শইকীয়া,সভাপতি ৰণজিৎ কুমাৰ দাস আৰু সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাৰ উপস্থিতিত বিজেপি বাৰ্তা আলোচনীখন উন্মোচন কৰা হৈছিল ৷
লগতে পঢ়কঃ জনসংযোগ কৰ্মচাৰীৰে বৈঠক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ