গুৱাহাটী, ২৬ এপ্ৰিলঃ বৰ্তমান অসমত COVID-১৯ আক্ৰান্ত ৰোগীৰ 35 গৰাকীৰ ভিতৰত চিকিৎসাধীন অৱস্থাত আছে 7 গৰাকী ৰোগী আৰু আজি 8 গৰাকীকৈ ৰোগীক মুকলি কৰি দিয়া হ'ব ৷ NHMৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত আজি এই কথা ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ ইপিনে শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অসমৰ প্ৰথম গৰাকী কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীয়ে বৰ্তমানেও আৰোগ্য লাভ কৰা নাই বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ লগতে অসমত 7616 গৰাকী লোকক বৰ্তমানলৈকে টেষ্ট কৰা হৈছে । ইয়াৰে 209 টা টেষ্টৰ ফলাফল এতিয়াও আহিবলৈ বাকী আছে ।বৰ্তমানে ৰাজ্যত 2 লাখ 70 হাজাৰ PPE কিট মজুত আছে বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷
ঘৰৰ মালিকক ৫০ শতাংশ ভাড়া ৰেহাই দিবলৈ অনুৰোধ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য প্ৰকাশ কৰি কয় যে,বিদেশত থকা 49 জন ব্যক্তিক আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ লগতে ৰাজ্যৰ বাহিৰত বিভিন্ন প্ৰান্তত থকা 2 লাখ লোকক 2 হাজাৰ টকাকৈ দিয়া হৈছে। অহা মাহত আৰু 1 হাজাৰ টকাকৈ প্ৰদান কৰিব অসম চৰকাৰে ৷
অসমৰ প্ৰথম গৰাকী কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীয়ে বৰ্তমানেও আৰোগ্য লাভ কৰা নাই আনহাতে,ব্যক্তিগত বাহন লৈ ঘৰলৈ যাবৰ বাবে আবেদন কৰা লোকৰ সংখ্যা প্ৰায় 73 হাজাৰ ৷ ইয়াৰে ইতিমধ্যে 25 এপ্ৰিলত 26,950 গৰাকীয়ে ব্যক্তিগত বাহন লৈ ঘৰলৈ গৈছে ৷ ইয়াৰ বিপৰীতে বৰ্তমানেও 11,500 গৰাকী লোকে লাভ কৰা নাই অনুজ্ঞাপত্ৰ ৷ 28, 29 আৰু 30 এপ্ৰিলত ব্যক্তিগত বাহনৰ ৰাউণ্ড ট্ৰিপৰ অনুমতি প্ৰদান কৰিব ৰাজ্য চৰকাৰে ৷ যাৰ ফলত ৰাজ্যৰ প্ৰায় 34 হাজাৰ লোক উপকৃত হ'ব ৷ এই ঘোষণা স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৷ আনহাতে,ৰাজ্যৰ ৰেড জ'ন হিচাপে ঘোষিত জিলাসমূহলৈ বাহিৰত আবদ্ধ হৈ থকা লোকসকল যাব পাৰিব ৷ কিন্তু তাৰ পৰা কোনো লোকক লৈ অনা নহয় বুলি উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷ ইপিনে এই সংবাদমেলতে মন্ত্ৰীগৰাকীয়ে এপ্ৰিল মাহৰ ঘৰ ভাড়া আৰু হোষ্টেল ৰ মাচুল ৫০% ৰেহাই দিবৰ বাবে ঘৰৰ মালিকসকলক অনুৰোধ জনায় ।
2লাখ লোকক 2 হাজাৰ টকাকৈ প্ৰদান লগতে পঢ়কঃপ্ৰধানমন্ত্ৰীৰ 64 সংখ্যক "মন কি বাত",কি ক'লে ?