অসম

assam

ETV Bharat / state

গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছ নেতা-কৰ্মীৰ সমাৰোহ

অসমত 2021ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী ৰাজনৈতিক দল ৷ অন্যান্য ৰাজনৈতিক দল সমূহৰ লগতে কংগ্ৰেছেও অব্যাহত ৰাখিছে নিৰ্বাচনী কুচ-কাৱাজ ৷

By

Published : Jan 19, 2021, 8:16 PM IST

guwahati congress meeting
গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছ নেতা-কৰ্মীৰ সমাৰোহ

গুৱাহাটী, 19 জানুৱাৰী :অসমত 2021ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী ৰাজনৈতিক দল ৷ এফালে শাসকীয় দলে বিভিন্ন আঁচনি ঘোষণা আৰু উন্নয়নমূলক কামৰ জৰিয়তে ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ আনহাতে বিৰোধী ৰাজনৈতিক দল সমূহেও বিভিন্ন নিৰ্বাচনী ৰণকৌশল অৱলম্বন কৰি শাসকীয় দলক শ’লঠেকত পেলোৱাৰো প্ৰয়াস কৰিছে ৷ অন্যান্য ৰাজনৈতিক দল সমূহৰ লগতে কংগ্ৰেছেও অব্যাহত ৰাখিছে নিৰ্বাচনী কুচ-কাৱাজ ৷

গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছ নেতা-কৰ্মীৰ সমাৰোহ

মঙলবাৰে গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত হয় কংগ্ৰেছ নেতা-কৰ্মীৰ সমাৰোহ। চাৰি গৰাকী কেন্দ্ৰীয় নেতাৰ উপস্থিতত অনুষ্ঠিত সমাৰোহত উপস্থিত থাকে কংগ্ৰেছৰ সহস্ৰাধিক নেতা-কৰ্মী ৷ উক্ত সমাৰোহত উপস্থিত থাকে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈ, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিধায়ক তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া, বিধায়ক ৰকিবুল হুছেইন, সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু আব্দুল খালেক ৷
মঙলবাৰৰ এই সমাৰোহত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে মীৰা বৰঠাকুৰে ৷ লগতে অসম গণ পৰিষদৰ নেত্ৰী ভাৰতী শইকীয়া, অস্বীন কুমাৰ মহন্ত আৰু আৰ টি আই কৰ্মী মোহন ৰংপীয়েও কংগ্ৰেছত যোগদান কৰে ৷ সমাৰোহত কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই 2021ৰ নিৰ্বাচনত কংগ্ৰেছ জয়ী হ'ব বুলিও মন্তব্য কৰে ।
লগতে পঢ়ক: নাৰায়ণপুৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ চাইকেল ৰেলী

ABOUT THE AUTHOR

...view details