মহানগৰীত জাবৰ নিষ্কাশনৰ বাবে স্পেচিয়েল স্কোৱাড
পৌৰ নিগমৰ আয়ুক্ত দেৱেশ্বৰ মালাকাৰে জানিবলৈ দিয়া অনুসৰি,মহানগৰীৰ ৬ টা ৱাৰ্ডত থাকিব এটা এটা স্পেচিয়েল স্কোৱাড ৷ এই স্কোৱাৰ্ড সমূহে জাৱৰ আৰু লেতেৰাৰে ভৰি থকা অঞ্চলত স্পেচিয়েল স্কোৱাড উপস্থিত হৈ জাবৰ সংগ্ৰহ কৰি অঞ্চলটোৰ পৰিৱেশ সুস্থ কৰি তোলা
গুৱাহাটী,10 জুলাইঃ যতে ততে জাবৰ পেলোৱা অভ্যাস আছে নেকি আপোনাৰ ! তেন্তে সাৱধান থাকক ৷ জাবৰ পেলালেই ৰোষত পৰিব পাৰে স্পেচিয়েল স্কোৱাডৰ ৷ কিয়নো মহানগৰীত গুৱাহাটীৰ পৌৰ নিগমে গঠন কৰিলে স্পেচিয়েল স্কোৱাড ৷ গুৱাহাটীৰ লেতেৰা সমূহ চাফা কৰিবলৈ গুৱাহাটী পৌৰ নিগমে গঠন কৰিছে স্পেচিয়েল স্কোৱাড ৷ পৌৰ নিগমৰ আয়ুক্ত দেৱেশ্বৰ মালাকাৰে জানিবলৈ দিয়া অনুসৰি,মহানগৰীৰ ৬ টা ৱাৰ্ডত থাকিব এটা এটা স্পেচিয়েল স্কোৱাড ৷ এই স্কোৱাড সমূহে জাৱৰ আৰু লেতেৰাৰে ভৰি থকা অঞ্চলত স্পেচিয়েল স্কোৱাড উপস্থিত হৈ জাৱৰ সংগ্ৰহ কৰি অঞ্চলটোৰ পৰিৱেশ সুস্থ কৰি তোলা ৷ আনহাতে,মহানগৰীৰ ব্যৱসায়ী সকলৰ বাবেও পৌৰ নিগমে গঠন কৰিছে নীতি ৷ এই নীতি যদি ব্যৱসায়ীসকলে অনুসৰণ নকৰে তেন্তে ১৬ তাৰিখৰ পৰা জৰিমনা ভৰিব লাগিব ব্যৱসায়ীসকলে ।