গুৱাহাটী,১০ জুন:মহানগৰীৰ ষ্ট্ৰীট-লাইটৰ ব্যৱস্থাক কেন্দ্ৰীয়ভাৱে পৰিচালনা কৰিবলৈ CCMS (Central Command and Monitoring System) প্ৰৱৰ্তন কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমে সিদ্ধান্ত গ্ৰহণ কৰিছে(Decision to introduce CCMS to manage street light system) । গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত হোৱা গুৱাহাটী পৌৰ নিগমৰ আভ্যন্তৰীণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত APDCL, GSCL, GMDA, PW(R)D আৰু পৌৰ নিগমৰ প্ৰতিনিধিসকল উপস্থিত আছিল । বৈঠকত মহানগৰীৰ পথ-আলোকসজ্জাৰ সৈতে সম্পৰ্কিত বিভিন্ন বিষয় আলোচনা কৰা হয় । মহানগৰীৰ পথ-আলোকসজ্জাৰ চলিত কামবোৰ সময়মতে সম্পূৰ্ণ কৰা আৰু পথসমূহ মেৰামতি কৰাৰ সম্পৰ্কত বৈঠকত আলোচনা কৰা হয় ।