গুৱাহাটী,১৭ এপ্ৰিল : গুৱাহাটীক এখন পৰিকল্পিত ৰাজধানী চহৰ হিচাপে গঢ়ি তোলাৰ বাবে ২০০৯ চনতে মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হৈছিল (Master Plan for Guwahati prepared in 2009)। ২০২৫ চনলৈ সময় নিৰ্ধাৰণ কৰি গুৱাহাটী মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হৈছিল । গুৱাহাটীক এখন সকলো ফালৰ পৰা বসোপযোগী উন্নত মহানগৰ হিচাপে গঢ়ি তোলাৰ বাবে বহুত পৰিকল্পনা কৰি মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হৈছিল । কিন্তু এইখন কোনো এখন চৰকাৰেও সুদীৰ্ঘ সময় ধৰি কাৰ্যকৰী নকৰিলে ।
উল্লেখ্য যে, গুৱাহাটীত যান-জঁটৰ সমস্যাই জটিল সমস্যা হিচাপে গা কৰি উঠিছে । গুৱাহাটীৰ যান-জঁটৰ সমস্যা লাঘৱ কৰাৰ বাবে ২০০৯ চনতে প্ৰস্তুত কৰা গুৱাহাটী মাষ্টাৰ প্লেনখনত সুন্দৰ পৰিকল্পনা কৰা হৈছিল । কিন্তু চৰকাৰে এইবোৰ অনুসৰণ নকৰিলে । ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰছ কৰি গুৱাহাটী মহানগৰীত পদপথ, ফুট ব্ৰীজ, উৰণীয়া সেতু আৰু পথ বিভাজক নিৰ্মাণ কৰি আছে যদিও গুৱাহাটী মাষ্টাৰ প্লেন অনুযায়ী যানজঁটৰ সমস্যা সমাধানৰ বাবে কোনো গুৰুত্ব দিয়া নাই ৷ চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে গুৱাহাটীৰ যানজঁটৰ সমস্যাই ক্ৰমাৎ এক জটিল সমস্যাৰূপে গা কৰি উঠিছে (Traffic problems in Guwahati) ৷
তীব্ৰ যান-জঁটৰ বাবে গুৱাহাটীত এতিয়া যাতায়াত কৰাটো অতিকৈ কষ্টসাধ্য হৈ পৰিছে ৷ মহানগৰীৰ গুৱাহাটী-শ্বিলং পথ, গোপীনাথ বৰদলৈ-মণিৰাম দেৱান পথ, দীনেশ গোস্বামী পথ, মহাত্মা গান্ধী পথ, ৰাধাগোবিন্দ বৰুৱা পথ, ৰাজেন্দ্ৰ প্ৰসাদ পথ, মাদাৰ টেৰেছা পথ, ৰাজগড় পথ, এ কে আজাদ পথ আৰু এ টি ৰোড আদিত যান-জঁটৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে ৷ আকৌ গুৱাহাটীৰ কাষেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথতো যান-জঁটৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে ।
উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ যান-জঁটৰ অৱস্থাৰ পৰিৱৰ্তনৰ বাবে মাষ্টাৰ প্লেনৰ লগত সংগতি ৰাখি গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে ১০ বছৰ পূৰ্বে এটা দীৰ্ঘম্যাদী পৰিকল্পনা যুগুত কৰিবলৈ আগবাঢ়িছিল ৷ প্ৰাধিকৰণে 'কম্প্ৰিহেনছিভ ম'বিলিটী প্লেন'(Comprehensive Mobility Plan) চমুকৈ চি এম পি নামেৰে গুৱাহাটীৰ যান-বাহন আৰু ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ বাবে এই পৰিকল্পনা যুগুতকৰণৰ লক্ষ্য লৈছিল ৷ এই সন্দৰ্ভত নিবিদাও আহ্বান কৰা হৈছিল যদিও পিছত সকলো স্তব্ধ হৈ পৰিল ৷
প্ৰাধিকৰণে 'কম্প্ৰিহেনছিভ ম'বিলিটী প্লেন (Comprehensive Mobility Plan for Guwahati) মতে, গুৱাহাটীৰ স্বাভাৱিক উন্নয়নত সৃষ্টি হোৱা বাধাবিলাক অতিক্ৰম কৰিবলৈ পৰিকল্পনাটোত ২০১৫ চনৰ পৰা ৩০ বছৰ সময়ো স্থিৰ কৰিছিল ৷ আগন্তুক তিনিটা দশকত গুৱাহাটীৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ উল্লেখনীয় পৰিৱৰ্তন সাধন কৰি মহানগৰবাসীক সকাহ দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল ৷