গুৱাহাটী,৩০ নৱেম্বৰ :গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ (PGSU) নিৰ্বাচনৰ ভোটগ্ৰহণ মঙলবাৰে পুৱাৰে পৰা অনুষ্ঠিত হয় (Gauhati University PGSU election 2021)। আছু, এন এছ ইউ আই (NSUI),এ বি ভি পি(ABVP)কে ধৰি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু এবছু সমৰ্থিত প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে । নিৰ্বাচনত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ মুঠ ১৫ টা পদৰ বাবে ৩৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । গুৰু খেল সম্পাদকৰ পদৰ প্ৰাৰ্থী গৰাকীয়ে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে ।
নিৰ্বাচনত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ মুঠ ১৪ পদৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । নিৰ্বাচনক কেন্দ্ৰ কৰি গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ (Gauhati University campus)ত বিৰাজ কৰিছে এক উৎসৱ মুখৰ পৰিৱেশ । অহা ১ ডিচেম্বৰত ভোটগণনা হ'ব আৰু ভোটগণনাৰ অন্তত সেইদিনাই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব । স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত সভাপতি পদত হেমেন কলিতা, হেমাঙ্গ নাথ আৰু সুমন শৰ্মাই প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।
উপসভাপতি পদত অভিজিৎ শইকীয়া, নৱদ্বীপ বৰগোহাঞি, প্ৰিয়া দত্ত আৰু ছজিনা য়াছবিনে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । সাধাৰণ সম্পাদকৰ পদত বিকি শৰ্মা, জিতু কলিতা আৰু ৰাজদ্বীপ বৰুৱাই প্ৰতিদ্বন্দিতা আগবঢ়াইছে । সহকাৰী সাধাৰণ সম্পাদকৰ পদত মণিষা ডেকা, নিতুমনি কুমাৰ আৰু ৰশ্মি কলিতাই প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।