অসম

assam

ETV Bharat / state

স্তিমিত অৱস্থাৰ পৰা কেনেকৈ মূৰ দাঙি উঠিব অসম পৰ্যটনে, কি কি পৰিকল্পনা বিভাগৰ ?

ৰাজ্যিক পৰ্যটন বিভাগে বিজ্ঞাপনৰ লগতে উন্নয়নৰ বাবে বহু কাম কৰিছিল বিভাগটোত ৷ কিন্তু তাৰ পাচতো অসমলৈ নাহিল পৰ্যটক ৷ Awesome Assam আৰু ফিল্ম ফেয়াৰৰ নামত খৰচ হ'ল বহু কোটি টকা আৰু বৰ্তমান শূন্য ৰাজহ সংগ্ৰহেৰে কেনেকৈ চলিছে বিভাগটো। কেনেকৈ, কি ব্যৱস্থা গ্ৰহণ কৰিব অসম ৰাজ্যিক পৰ্যটন বিভাগটোৱে ? এই সন্দৰ্ভত মত প্ৰকাশ কৰিলে সঞ্চালক প্ৰধান দেৱ কুমাৰ মিশ্ৰই ৷

Assam tourism
Assam tourism

By

Published : Jun 12, 2020, 1:53 AM IST

গুৱাহাটী, 11 জুন : অভাৱনীয় লোকচানৰ সন্মুখীন হ'ল ৰাজ্যৰ পৰ্যটন বিভাগ। প্ৰথমে 'কা' বিৰোধী আন্দোলন আৰু পিচৰ পৰ্যায়ত ক'ৰণা ভাইৰাছৰ বাবে প্ৰতি বছৰৰ দৰে পৰ্যটকৰ আগমণ দেখা নগ'ল ৰাজ্যত। পৰ্যটকৰ পৰা প্ৰতিবছৰে চৰকাৰে ৰাজহ সংগ্ৰহৰ জৰিয়তে ৰাজ্যৰ অৰ্থনৈতিক দিশ সবল কৰি অহাৰ লগতে ৰাজ্যৰ বহু লোকৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিছিল পৰ্যটক সকলে । কিন্তু এইবছৰৰ প্ৰথমে 'কা' বিৰোধী আন্দোলন আৰু তাৰ পিচতে সমগ্ৰ বিশ্বকে ছানি ধৰা ক'ৰণা ভাইৰাছে বাৰুকৈ প্ৰভাৱ পেলালে পৰ্যটন ক্ষেত্ৰত । ক'ৰণা ভাইৰাছৰ বাবে দেশৰ লগতে ৰাজ্যৰ বিভিন্ন খণ্ডত হোৱা অৰ্থনৈতিক লোকচানৰ পৰা সুস্থিৰ অৱস্থালৈ ঘূৰি আহিবলৈ লাগিব সময় আৰু তাৰ বাবে প্ৰতিটো খণ্ডত সু-পৰিকল্পিত ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ আন বিভাগৰ দৰে পৰ্যটন বিভাগেও বিভিন্ন ব্যৱস্থাৰ জৰিয়তে বৰ্তমানৰ মৃতপ্ৰায় অৱস্থাৰ পৰা পুনৰজ্জীৱিত হোৱাৰ বাবে চেষ্টা চলাইছে ।

অসমৰ ঐতিহ্য

ৰাজ্যিক পৰ্যটন বিভাগৰ সঞ্চালক প্ৰধান দেৱ কুমাৰ মিশ্ৰই জানিবলৈ দিলে বৰ্তমান পৰ্যটন বিভাগৰ স্থিতি সম্পৰ্কে । বৰ্তমান সময়ত পৰ্যটন বিভাগক মৃতপ্ৰায় বুলি ক'ব নুখুজিলেও তেওঁ বৰ্তমান পৰ্যটন বিভাগ স্তিমিত হোৱা বুলি ক'ব খোজে । আনহাতে, এনে এক দুৰ্যোগৰ সময়ত পৰ্যটন বিভাগ মূল বিষয় নহলেও ক'ৰণা ভাইৰাছৰ সংক্ৰমণ শাম কটাৰ পিচতে বিভাগটোক কেনেকৈ আগুৱাই নিয়া হ'ব সেই সম্পৰ্কত পৰিকল্পনা এতিয়াৰ পৰা আৰম্ভ কৰিছে পৰ্যটন বিভাগে। উল্লেখযোগ্য যে, অসমত বিশেষ কৈ অক্টোবৰৰ পৰা এপ্ৰিল বা মে' মাহলৈকে পৰ্যটকৰ আগমণ বেছি হয় ৷ কিন্তু এনে সময়ত পূৰ্বৰ বৰ্ষসমূহতো পৰ্যটকৰ আগমণ সেৰেঙা হোৱা পৰিলক্ষিত হয়।

অসম পৰ্যটন বিভাগৰ সঞ্চালক দেৱ কুমাৰ মিশ্ৰৰ সৈতে সাক্ষাৎকাৰ
বৰ্তমান সময়ত বিদেশী পৰ্যটকৰ বাবে নহয় ঘৰুৱা পৰ্যটক সকলৰ বাবে আকৰ্ষণ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্যিক পৰ্যটন বিভাগে। ক'ৰণা ভাইৰাছৰ বাবে কেৱল ঘৰতে পৰিয়ালৰ সৈতে দিন কটাব লগা হৈছে ৷ ৰাজ্যবাসীৰ বাবে চৰকাৰে অসমৰ বিভিন্ন স্থানত ঘৰুৱা পৰ্যটন হিচাপে অতি শীঘ্ৰে মুকলি কৰিব অসমৰ বিভিন্ন স্থানত থকা পৰ্যটন ক্ষেত্ৰ সমূহ ৷ চানডুবি, হাজো, শুৱালকুচি , বৰপেটা ,মানাহ, কাজিৰঙা, পবিতৰা, বৰদোৱা আদিৰ দৰে বহু স্থান ৰাজ্যবাসীয়ে চাব পৰাকৈ এক পৰ্যটন পেকেজৰ ব্যৱস্থা কৰিছে পৰ্যটন বিভাগে আৰু অতি সোনকালে ৰাজ্যৰ খনৰ বহু ঐতিহাসিক স্থান দৰ্শনৰ পথ মুকলি কৰি দিব পৰ্যটন বিভাগে।
কি কি পৰিকল্পনা কৰিছে ৰাজ্যিক পৰ্যটন বিভাগে !
আনহাতে তীৰ্থ যাত্ৰী সকলক অসমৰ বহু স্থানত তীৰ্থ ভ্ৰমণৰ বাবে লৈ যোৱাৰ আঁচনি কৰিছে অসম পৰ্যটন বিভাগে। অসমৰ তীৰ্থস্থান মধুপুৰ সত্ৰ, পৰশুৰাম কুণ্ড আদিৰ দৰে বহু স্থান অতি শীঘ্ৰে মুকলি কৰিব পৰ্যটন বিভাগে তীৰ্থ যাত্ৰী সকলৰ বাবে। অসমৰ পৰ্যটন বিভাগেও আন বিভাগৰ দৰে ক'ৰণা ভাইৰাছৰ বাবে অৰ্থনৈতিক সংকটৰ মুখামুখি হ'ল। এনে এক জটিল সন্ধিক্ষণত পৰ্যটন বিভাগৰ এই সমূহ ব্যৱস্থাই কিদৰে বিভাগটোক উপকৃত কৰে সেয়া লক্ষণীয় হ'ব।

লগতে পঢ়ক :পুৰীৰ জগন্নাথ ৰথ যাত্ৰাত ব্যৱহাৰ হ'ব অসমীয়া গামোচা

ABOUT THE AUTHOR

...view details