অসম

assam

ETV Bharat / state

IPL ২০২০: ডুবাইত উপস্থিত অসমৰ চাৰি খেলুৱৈ

ডুবাইত অনুষ্ঠিত হ'বলগীয়া 2020 বৰ্ষৰ আই পি এলত অংশগ্ৰহণৰ উদ্দেশ্যে ডুবাইত উপস্থিত অসমৰ চাৰি খেলুৱৈ ৷

By

Published : Aug 21, 2020, 7:19 PM IST

ডুবাইত উপস্থিত অসমৰ চাৰি খেলুৱৈ
ডুবাইত উপস্থিত অসমৰ চাৰি খেলুৱৈ

গুৱাহাটী, 21 আগষ্ট:কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবে এইবাৰ ডুবাইত অনুষ্ঠিত হ'ব 2020 বৰ্ষৰ আই পি এল । চলিত বৰ্ষৰ ১৯ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া আই পি এলত অংশগ্ৰহণৰ বাবে সুযোগ লাভ কৰিছে অসমৰ 5 গৰাকী খেলুৱৈয়ে। ৰাজস্থান ৰয়েলছ দলত নেট বলাৰ হিচাপে স্থান পাইছে ৰাহুল সিং, জিটু মণি কলিতা, মৃণ্ময় কলিতাই । লগতে দলটোত অন্তৰ্ভুক্ত হৈছে অসমৰ ৰিয়ান পৰাগ ।

ৰাজস্থান ৰয়েলছৰ হৈ ক্ৰীজত নামিব উদীয়মান খেলুৱৈ ৰিয়ান পৰাগ । ইতিমধ্যে অসমৰ চাৰিওজন খেলুৱৈ ডুবাইত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে । জানিব পৰা মতে ৭ দিন কোৱাৰেইণ্টাইনত থকাৰ পিছতে আগন্তুক আই পি এলৰ বাবে অনুশীলন আৰম্ভ কৰিব তেওঁলোকে । আনহাতে অসমৰ মুকটাৰ হুছেইন নামৰ আন এগৰাকী উদীয়মান খেলুৱৈও ডুবাইলৈ যোৱাৰ সুবিধা লাভ কৰিছে। দুই এদিনতে মুকটাৰ ৰাওনা হ'ব ডুবাইলৈ।

লগতে পঢ়ক:আশ্ৰয় শিবিৰত দুৰ্বিসহ জীৱন বাঘজানবাসীৰ

ABOUT THE AUTHOR

...view details