অসম

assam

ETV Bharat / state

বন্যপ্ৰাণী-মানুহৰ সংঘাত নিৰ্মূলকৰণৰ বাবে অনলাইন প্ৰশিক্ষণৰ আয়োজন

বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত নিৰ্মূল কৰিবৰ বাবে পাঁচ দিনীয়াকৈ অনলাইন প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ বন বিভাগৰ ৷ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত বন বিষয়াসকলক দিয়া হ’ব এই প্ৰশিক্ষণ ৷

forest department meeting
বন্যপ্ৰাণী-মানুহৰ সংঘাত নিৰ্মূলকৰণৰ বাবে অনলাইন প্ৰশিক্ষণৰ আয়োজন

By

Published : Jan 18, 2021, 8:58 PM IST

গুৱাহাটী,18 জানুৱাৰী : গুৱাহাটী মহানগৰীস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত সোমবাৰে অনুষ্ঠিত হয় এক সভা ৷ উল্লেখ্য যে, মানুহ আৰু বন্য জীৱ-জন্তুৰ সংঘাতৰ প্ৰশমনৰ বাবে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেই সন্দৰ্ভত বন বিষয়াসকলক প্ৰশিক্ষণ দিয়া হ’ব ৷ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সভাখনত প্ৰশিক্ষণ সন্দৰ্ভত আলোচনা কৰা হয় ৷

বন্যপ্ৰাণী-মানুহৰ সংঘাত নিৰ্মূলকৰণৰ বাবে অনলাইন প্ৰশিক্ষণৰ আয়োজন

উক্ত অনুষ্ঠানত উপস্থিত থাকে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে বহুকেইগৰাকী পশু চিকিৎসা বিজ্ঞানৰ চিকিৎসক আৰু অধ্যাপক ৷ পশু চিকিৎসা মহাবিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত বন বিষয়াসকলক দিয়া হ’ব এই প্ৰশিক্ষণ ৷

সৰ্বভাৰতীয় বন বিষয়া (আইএফএছ) সকলক অনলাইনযোগে পাঁচ দিনীয়াকৈ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত নিৰ্মূল কৰিবৰ বাবে এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা বুলি সভাত উল্লেখ কৰা হয় ৷

লগতে পঢ়ক :প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ আগন্তুক অসম ভ্ৰমণ সুচল হ’বলৈ নিদিয়ে আছুৱে !

ABOUT THE AUTHOR

...view details