নিউজ ডেস্ক,20 মাৰ্চ:শাসকীয় বিজেপিৰ পদাংক অনুসৰণ কৰি অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ কংগ্ৰেছে 'গৰুগাইৰ পথ' লোৱা পৰিলক্ষিত হৈছে ৷ পৰিৱৰ্তনক লক্ষ্য হিছাপে লৈ শনিবাৰে গুৱাহাটীত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অসমৰ বাবে মুকলি কৰা দলৰ নিৰ্বাচনী ইস্তাহাৰখনত গেৰুৱা দলটোৰ বহুখিনি প্ৰভাৱ দেখিবলৈ পোৱা গৈছে ৷
কংগ্ৰেছে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰ খনত অসমৰ প্ৰতিখন জিলাত গো-শালা নিৰ্মাণৰ এক প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে, যিটো বিষয় অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনৈতিক প্ৰেক্ষাপটত পূৰ্বতে কেতিয়াও শুনিবলৈ পোৱা হোৱা নাই ৷
অসমৰ প্ৰত্যেকখন জিলাতে গো-শালা নিৰ্মাণ কৰাৰ পৰিকল্পনাৰ বিষয়ে জানিবলৈ দি কংগ্ৰেছ নেতা গৰাকীয়ে কয় যে, নিৰ্বাচনী ইস্তাহাৰ চূড়ান্ত কৰাৰ পূৰ্বে দলৰ নেতাসকলে অসমৰ প্ৰত্যেক চুকে-কোণে গৈ ৰাইজক লগ কৰিছে ৷ তেওঁ কয় যে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাইজে তেওঁলোকৰ গাইগৰুসমূহে গাখীৰ উৎপাদন কৰিবলৈ অক্ষম হোৱাৰ পাছতো গাইসমূহ ভালদৰে চোৱাচিতা কৰাটো বিচাৰে আৰু ৰাইজৰ এই ইচ্ছাৰ প্ৰতি সন্মান জনাই দলে অসমৰ প্ৰত্যেক জিলাত গো-শালা নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
অৱশ্যে 'গো-মাতা' ক লৈ কংগ্ৰেছৰ এই আগ্ৰহ বৰ বেছি পুৰণি নহয় ৷ অতি শেহতীয়াকৈ এই পুৰণি দলটোৱে বিজেপিৰ বিকাশক প্ৰতিহত কৰাৰ উদ্দেশ্যে 'গাইগৰুৰ পথ' লৈ পৰীক্ষা-নিৰীক্ষা চলোৱা পৰিলক্ষিত হৈছে ৷ অতি সম্প্ৰতি 2018 ৰ মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ সময়ত দলটোৱে গাইগৰুৰ বিষয়টোক লৈ পৰীক্ষণ চলাইছিল ৷ ৰাজ্যখনৰ প্ৰতিটো পঞ্চায়তত গো-শালা আৰু গৰুৰ সংৰক্ষণথলী গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ উপৰিও গো-মূত্ৰৰ স্বাস্থ্যজনিত লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে ৰাজ্যখনত গো-মূত্ৰৰ বাণিজ্যিক উৎপাদনৰ ব্যৱস্থা কৰিব বুলি আশ্বাস দিছিল ৷
উল্লেখ্য যে, বিগত বৰ্ষত উত্তৰ প্ৰদেশৰ কংগ্ৰেছ দলৰ প্ৰধান প্ৰিয়ংকা গান্ধীয়ে ৰাজ্য খনৰ গো-শালাসমূহৰ গৰুৰ দুৰ্দশাৰ বিষয়ে উল্লেখ কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল ৷ তেওঁ আনকি উত্তৰ প্ৰদেশৰ গৰুসমূহ ৰক্ষা কৰাৰ বাবে এক পদ যাত্ৰাৰ কাৰ্যসূচীও গ্ৰহণ কৰিছিল ৷ এই পদযাত্ৰাক দলটোৱে "গাই বচাও, কিষাণ বচাও যাত্ৰা" নামেৰে অভিহিত কৰিছিল আৰু লগতে গৰু গ্ৰাম্য অৰ্থনীতিৰ এক অভিন্ন অংশ বুলি মন্তব্য কৰিছিল ৷