গুৱাহাটী, ৩ জানুৱাৰী : কৰ্মসংস্থাপনৰ অভাৱৰ বাবেই শিক্ষিত যুৱক-যুৱতী আলফামুখী হৈছে ৷ চৰকাৰে পৰেশ বৰুৱাৰ দাবীৰ প্ৰতি সন্মান প্ৰদৰ্শন নকৰিলে কোনোকালে আলোচনা সম্ভৱ নহ’ব ৷ আলফা(স্বা)ৰ সংগ্ৰামখন এতিয়া এলেকাভিত্তিক হৈ আছে, অসমৰ প্ৰেক্ষাপটত আলফা(স্বা)ৰ সংগ্ৰাম প্ৰায় অস্তিত্বহীন ৷ মঙলবাৰে অসম গ্ৰন্থমেলাৰ বাকৰিত সাংবাদিকৰে হোৱা মতবিনিময়ত এইদৰে মন্তব্য কৰিলে আলফাৰ প্ৰথম মহিলা প্ৰশিক্ষক মণি হাজৰিকাই(First female ULFA combat trainer Mani Hazarika)৷
আলফাৰ প্ৰথম নাৰী সৈনিক দলৰ অন্যতম সদস্যা তথা শীৰ্ষ আলফাক সামৰিক প্ৰশিক্ষণ দিয়া দুৰ্ধৰ্ষ নেত্ৰী ছেকেণ্ড লেফটেনেণ্ট মণি হাজৰিকাই আলফা(স্বা)ত থকা সময়ৰ অভিজ্ঞাতাৰে লিখি উলিয়াইছে ‘লাইট ডাউন’ শীৰ্ষক এখন গ্ৰন্থ (Light Down book by Mani Hazarika)৷ অসম গ্ৰন্থমেলাত ইতিমধ্যে উপলব্ধ হৈছে চাক্ষুষ অভিজ্ঞতা সন্নিৱিষ্ট গ্ৰন্থখনখন ৷ গ্ৰন্থখন লিখিবলৈ উপন্যাসিকা ৰীতা চৌধুৰীয়ে উৎসাহ যোগোৱা বুলি জানিবলৈ দিয়ে মণি হাজৰিকাই ৷
মঙলবাৰে গ্ৰন্থমেলাৰ ৰীডছ ফেক্টৰী বিপণিত উপস্থিত থকা আলফা(স্বা)ৰ প্ৰাক্তন নেত্ৰীগৰাকীয়ে আলফা(স্বা)ৰ সন্দৰ্ভত কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ৷ সাংবাদিকৰে মত বিনিময় কৰি আলফাৰ অতীত আৰু ভৱিষ্যত সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে মণি হাজৰিকাই ৷ এসময়ত শীৰ্ষ আলফাক সামৰিক প্ৰশিক্ষণ দিছিল এইগৰাকী আলফাৰ ছেকেণ্ড লেফটেনেণ্ট মণি হাজৰিকাই (Member of ULFA first female fighting unit)। মণি হাজৰিকাই কয়- ‘‘পৰেশ বৰুৱাই(ULFA Chief Paresh Baruah) মোক মণি মা বুলি মাতিছিল । তেওঁ সপোনতো ভবা নাছিল অসমৰ মহিলাই ইমান কষ্ট কৰিব পাৰিব বুলি । সেইবাবে প্ৰথম অৱস্থাত পৰেশ বৰুৱাই আলফাত মহিলাৰ যোগদানক লৈ অসন্তুষ্ট হৈছিল’’ ।