নিউজ ডেস্ক, 24 নৱেম্বৰ : অতিশীঘ্ৰে গেৰুৱা দল বিজেপিত যোগ দিব প্ৰাক্তন আছু নেতা দিব্যজ্যোতি মেধিয়ে ৷ ইতিমধ্যে বিজেপিত যোগদানৰ প্ৰাৰম্ভিক সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে ৷ সকলো যদি ঠিকে-থাকে থাকে, তেন্তে আগন্তুক কেইদিনমানৰ ভিতৰতে তেওঁ বিজেপিত যোগ দিয়াটো নিশ্চিত ৷
উল্লেখ্য যে, সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বক তীক্ষ্ণ সমালোচনা কৰাৰ ফলত সংগঠনটোৰ পৰা অপসাৰিত হ’বলগীয়া হৈছিল দিব্যজ্যোতি মেধি ৷ মূলতঃ একাংশ বয়স ওকলি যোৱা অ-ছাত্ৰৰ নেতৃত্বত সদৌ অসম ছাত্ৰ সন্থা পৰিচালিত হৈ আহিছে বুলি তেওঁ ৰাজহুৱাভাৱে অভিযোগ তোলাৰ পাচত এই সমগ্ৰ বিষয়টো ন্যায়ালয়ৰ মজিয়া পাইছিলগৈ ৷ পৰৱৰ্তী সময়ত আছুৱে তেওঁক অপসাৰণ কৰা বিষয়টোত স্থগিতাদেশ জাৰি কৰাত তেওঁ পুনৰ বাহাল আছিল আছুৰ মজিয়াতেই ৷
কিন্তু বিগত 21 নৱেম্বৰত দিব্যজ্যোতি মেধিয়ে আনুষ্ঠানিকভাৱে আছুৰ পৰা পদত্যাগ কৰে আৰু মৰিগাঁৱত চলি থকা আছুৰ কেন্দ্ৰীয় অধিৱেশনত উপস্থিত থকাৰ পৰাও বিৰত থাকে ৷ আছুৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লোৱাৰ পাচতেই এতিয়া তেওঁ সাজু হৈছে বিজেপিত যোগদানৰ বাবে ৷ ইতিমধ্যে আজিৰ তাৰিখত ৰাজ্য চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ লগত দুবাৰকৈ এই বিষয়টোক লৈ টেলিফোনিক আলোচনা কৰাৰ উপৰিও 22 নৱেম্বৰত উক্ত মন্ত্ৰীগৰাকীৰ সৈতে আলোচনাতো বহিছে দিব্যজ্যোতি মেধি ৷