গুৱাহাটী, 19অক্টোবৰঃ "মৃত্যুটো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য" ৷ সোমবাৰে 91বছৰত ইহলীলা সম্বৰণ কৰিলে ৰাজ্যৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা প্ৰখ্যাত অৰ্থনীতিবিদ ডঃ জয়ন্ত মাধৱে ৷
দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বিশিষ্ট অৰ্থনীতিবিদগৰাকীয়ে গুৱাহাটীস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ৷ 1929 চনৰ 25 অক্টোবৰত গুৱাহাটীত জন্মলাভ কৰা জয়ন্ত মাধৱে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰপৰা অৰ্থনীতি বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল । লণ্ডন স্কুল অৱ ইক'নমিক্সৰ পৰা তেখেতে ফাইনেন্সিয়েল মেনেজমেণ্টত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ৷ শিক্ষা সমাপ্তিৰ পাছতে তেখেতে কলিকতাৰ কলকাতা মেট্ৰ'পলিটান ডেভেল'পমেণ্ট ক'ৰ্পোৰেচনৰ বিত্তীয় উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । পৰৱৰ্তী সময়ত এছিয়ান ডেভেল'পমেণ্ট বেংকৰ সঞ্চালক হিচাপে মেনিলাৰ মুখ্য কাৰ্যালয়ত যোগদান কৰে । কংগ্ৰেছ চৰকাৰৰ অৰ্থনৈতিক উপদেষ্টাৰূপেও 2003 চনৰ পৰা 2009 চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল ডঃ জয়ন্ত মাধৱে ৷
অৱসৰৰ পাছত জয়ন্ত মাধৱে উত্তৰ-পূব বিত্তীয় উন্নয়ন নিগম চমুকৈ “নেডফি”ৰ প্ৰতিষ্ঠা কৰিছিল ৷ স্মৰ্তব্য যে, এছিয়ান ডেভেলপমেন্ট বেংকৰ উচ্চতম পদবীত অধিষ্ঠিত হোৱা জয়ন্ত মাধৱে বিদেশত বা দিল্লীত স্থায়ী বসতি কৰি উচ্চ হাৰৰ পেঞ্চন লৈ বিলাসী জীৱন কটোৱাৰ বিপৰীতে তেওঁ অসমতে থাকি বিভিন্ন আঁচনি প্ৰস্তুত কৰি সেইসমূহৰ ৰূপায়নেৰে অসমীয়া যুৱক-যুৱতীৰ বাবে কর্ম সংস্কৃতিৰ মাধ্যমেৰে স্বাধীন মনোবৃত্তি গঢ় দিয়াৰ চেষ্টাতহে মনোনিৱেশ কৰিছিল ৷