অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীৰ হাতত প্ৰতিবেদন দাখিল কৰিলে অৰ্থনৈতিক পৰামৰ্শদাতা কমিটিয়ে

মহামাৰী কৰ'ণাৰ ফলত ক্ষতি হোৱা অৰ্থনীতিৰ বাবে দেওবাৰে এখন প্ৰতিবেদন দাখিল কৰে,সুভাষ দাসৰ নেতৃত্বত এপ্ৰিলত গঠন হোৱা 8 জনীয়া কমিটিয়ে ৷ এই কমিটি খনৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷

economic advisory committee submits report to cm sarbananda sonowal
economic advisory committee submits report to cm sarbananda sonowal

By

Published : Jun 1, 2020, 3:49 PM IST

গুৱাহাটী, 1 জুনঃ অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া সুভাষ দাসৰ নেতৃত্বত,মহামাৰী কৰ'ণাৰ ফলত ক্ষতি হোৱা অৰ্থনীতিৰ বাবে দেওবাৰে এখন প্ৰতিবেদন দাখিল কৰে ৷ এপ্ৰিলত সুভাষ দাসৰ নেতৃত্বত গঠন হোৱা 8 জনীয়া কমিটিয়ে ব্ৰক্ষ্মপুত্ৰ মুখ্যমন্ত্ৰী অতিথিশালাত অনুষ্ঠিত এখন বৈঠকত দাখিল কৰে প্ৰতিবেদনখন ৷ বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,কৃষি মন্ত্ৰী অতুল বৰা ৷

মুখ্যমন্ত্ৰী হাতত প্ৰতিবেদন দাখিল কৰিলে অৰ্থনৈতিক পৰামৰ্শদাতা কমিটিয়ে

বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল হ'ব বুলি উল্লেখ কৰে ৷ লগতে এই প্ৰতিবেদনৰ কামবোৰ সুচলভাৱে সম্পাদন কৰিবৰ বাবে এখন সমিটি গঠন কৰা হৈছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে,এই কমিটি খনৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ লগতে এই নতুন সমিটিখনৰ সদস্য হিচাপে আছে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু কৃষি মন্ত্ৰী অতুল বৰা ৷

লগতে পঢ়কঃমডেল বিটিচি গঢ়াৰ নামত বিপিএফে দুৰ্নীতি কৰিছে: প্ৰমোদ বড়ো

ABOUT THE AUTHOR

...view details