অসম

assam

ETV Bharat / state

মহানগৰীত ডাম্পাৰে মহতিয়ালে বাইক আৰোহী

নিশাৰ মহানগৰীত ডাম্পাৰৰ দৌৰাত্ম্য

By

Published : Feb 11, 2019, 10:21 AM IST

দুৰ্ঘটনাগ্ৰস্ত বাইক

গুৱাহাটী , ১১ ফেব্ৰুৱাৰী: মহানগৰী স্থিত পানীখাইটিৰ আমগাঁৱত দেওবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দ্ৰুত বেগী ডাম্পাৰৰ খুন্দাত আহত বাইক আৰোহী।

প্ৰতিদিনে নিশা হলেই বালি কঢ়িয়ওৱা ডাম্পাৰে নাৰেংগী চন্দ্ৰপুৰ ৰাজপথত তাণ্ডব চলায় । তেনেসময়তে যোৱা নিশা এখন দ্ৰুত বেগী ডাম্পাৰে এজন বাইক আৰোহীক মহতিয়াই গুৰুতৰ ভাৱে আহত কৰে। আহত যুৱক জন পানীখাইটি কালিমন্দিৰৰ বাসিন্দা গুডডু বিশ্বাস বুলি চিনাক্ত কৰা হৈছে। আনহাতে ঘটনা সংঘটিত হোৱাৰ পাচতে আহত গুডডু বিশ্বাসক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ চিকিত্‍সালয়লৈ প্ৰেৰণ কৰা হয়।

ডাম্পাৰৰ দৌৰাত্ম

ইপিনে সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি উত্তেজিত ৰাইজে ডাম্পাৰ খনৰ বহু ক্ষতি সাধন কৰে। ইয়াৰ ওপৰিও ডাম্পাৰ চালকৰ আতংকত আতংকিত ৰাইজে উদণ্ড দাম্পৰ চালক সমূহক নাকী লগাবলৈ দাবী উত্থাপন কৰিছে ।

ABOUT THE AUTHOR

...view details