ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ মহানগৰ আৰক্ষী
ড্ৰাগছৰ বিৰুদ্ধে তৎপৰ মহানগৰ আৰক্ষী ৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ গুৱাহাটীৰ প্ৰতিখন আৰক্ষী থানালৈ কঠোৰ নিৰ্দেশনা মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ
গুৱাহাটী, 30 জুলাইঃ মহানগৰীত ব্যাপক হাৰত বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা ৷ এই অধিকাংশ অপৰাধজনিত ঘটনাৰ কাৰণ হৈছে মহানগৰীৰ অলিয়ে গলিয়ে গঢ় লৈ উঠা মাৰাত্মক ড্ৰাগছৰ ঘাটি ৷ এই ড্ৰাগছৰ বিৰুদ্ধে এতিয়া তৎপৰ হৈছে মহানগৰ আৰক্ষী ৷ মঙলবাৰে মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ গুৱাহাটীৰ প্ৰতিখন আৰক্ষী থানালৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৷ ইতিমধ্যে মহানগৰীৰ বিভিন্ন স্থানত চলা ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষীৰ দল ৷