অসম

assam

ETV Bharat / state

কৰ’ণাৰ ওচৰত হাৰ মানি কৰুণ মৃত্যুক সাৱটিলে ডাঃ তুলিকা গোস্বামীয়ে

ৰাজ্যত ভয়াৱহ ৰূপ লৈছে প্ৰাণঘাতী কৰ’ণাই । Covid-19 মহামাৰীৰ সংহাৰত প্ৰাণ গৈছে সাধাৰণ লোকৰ লগতে কেইবাগৰাকীও চিকিৎসকৰ । কৰ’ণাৰে যুঁজি অৱশেষত হাৰ মানিলে বিশিষ্ট স্ত্ৰীৰোগ আৰু প্ৰসূতি বিশেষজ্ঞ ডাঃ তুলিকা গোস্বামীয়ে ৷

Dr Tulika goswami death in suffering covid 19 guwahati assam etv bharat news
ডাঃ তুলিকা গোস্বামী

By

Published : Sep 8, 2020, 4:34 PM IST

গুৱাহাটী,৮ছেপ্টেম্বৰ: সমগ্ৰ বিশ্বত প্ৰতিনিয়ত বৃদ্ধি পাইছে Covid-19 ত আক্ৰান্তৰ সংখ্যা । কৰ’ণা ৰোগীৰ মৃত্যুৰ বাতৰিয়ে বৰ্তমানৰ পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে । কৰ্তব্যৰ নামত একপ্ৰকাৰ জীৱন উচৰ্গা কৰা চিকিৎসকসকলৰ মাজৰে একাংশই কৰ’ণাৰে সৈতে যুঁজি অৱশেষত আঁকোৱালি লবলগীয়া হৈছে কৰুণ মৃত্যুক । শেহতীয়াভাৱে চিকিৎসকৰ অশেষ চেষ্টাৰ পিছতো কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুৰ ওচৰত হাৰ মানিলে বিশিষ্ট স্ত্ৰীৰোগ আৰু প্ৰসূতি বিশেষজ্ঞ ডাঃ তুলিকা গোস্বামীয়ে ।

ডাঃ তুলিকা গোস্বামীৰ মৃত্যু

গোস্বামীয়ে কৰ’ণাত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল ৷ দেওবাৰে নিশা দেহাৱসান ঘটা মহিলা চিকিৎসকগৰাকীয়ে গুৱাহাটীৰ এক ব্যক্তিগত চিকিৎসালয়ত সেৱা আগবঢ়াই আহিছিল । সম্প্ৰতি এই মহামাৰীৰে সৈতে যুঁজি চিকিৎসাধীন হৈ আছে সদ্য মৃত চিকিৎসকগৰাকীৰ স্বামী ডাঃ বিৰাজ গোস্বামী । ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ পিছতে চিকিৎসক দম্পতীটোক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত ৷ মহিলাগৰাকীৰ স্বামীয়ে বিশেষ অসুবিধাৰ সন্মুখীন হোৱা নাছিল যদিও তুলিকা গোস্বামীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটি কৰুণ মৃত্যুক সাৱটি লয় ৷

লগতে চাওকঃ55 বছৰৰ মুৰত ফেৰীঘাট মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

For All Latest Updates

ABOUT THE AUTHOR

...view details