গুৱাহাটী, 10 জানুৱাৰী: গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত এইবাৰ সাপৰ সলনি প্ৰৱেশ ঘটিল ক্ৰিকেট অনুৰাগীৰ (Youth entered field during India Sri Lanka match) । বৰ্ষাপাৰা ষ্টেডিয়ামত মঙলবাৰে ভাৰত-শ্ৰীলংকাৰ মাজত এদিনীয়া ক্ৰিকেট খেল চলি থাকোতেই খেলপথাৰত প্ৰৱেশ কৰে এজন যুৱকে । অৱশ্যে তাৎক্ষণিকভাৱে যুৱকজনক খেলপথাৰৰ পৰা বাহিৰ কৰা হয় (India Sri Lanka ODI in Guwahati)।
উল্লেখ্য যে, খেল চলি থকাৰ মাজতেই খেলপথাৰৰ মাজলৈ সোমাই আহে এজন অনুৰাগী । তাৰকা খেলুৱৈ মহম্মদ চামীক কৰৰ্মদন কৰোঁতেই নিৰাপত্তাৰক্ষীয়ে ধৰি বাহিৰলৈ লৈ যায় অনুৰাগীজনক । ইয়াৰ পূৰ্বৰ দুখনকৈ খেলত বিভিন্ন বিধি-পথালিয়ে দেখা দিয়াৰ পাচত এইবাৰো যেন বিসংগতিয়ে লগ নেৰিলে বৰ্ষাপাৰা ষ্টেডিয়ামৰ আন্তঃৰাষ্ট্ৰীয় খেলক (ODI cricket match in Barsapara) ৷
হঠাৎ অনুৰাগীৰ প্ৰৱেশ খেলপথাৰত ৷ হতভম্ব মুখ্যমন্ত্ৰী ৷ উল্লেখ্য যে, বৰ্ষাপাৰাত আজি অনুষ্ঠিত এদিনীয়া খেলত শ্রীলংকাৰ বিৰুদ্ধে ভাৰতে বৃহৎ জয়লাভ কৰে । তিনিদিনীয়া শৃংখলাৰ প্রথমখন এদিনীয়াত ৬৭ ৰানত ভাৰতৰ হাতত পৰাস্ত হয় শ্রীলংকা । শ্রীলংকাৰ সন্মুখত 374 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ভাৰতে । কিন্তু 306 ৰাণতে স্তব্ধ হৈ ৰয় সিংহল বাহিনী (India Sri Lanka ODI series) ৷
আজিৰ খেলখনত টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে শ্ৰীলংকা দলটোৱে ৷ প্ৰথমে বেটিং কৰি ভাৰতে বিৰাট কোহলীৰ শতক আৰু ৰোহিত শৰ্মা-শুভমন গিলৰ অৰ্ধশতকৰ সহায়ত 373 ৰাণ সংগ্ৰহ কৰে 50 অভাৰত ৷ বিৰাট কোহলীয়ে 87 টা বলত 113 ৰাণৰ এটা দৰ্শনীয় ইনিংছ উপহাৰ দিয়ে অনুৰাগীক ৷ ভাৰতীয় অপেনাৰ দ্বয় ৰোহিত শৰ্মা আৰু শুভমন গিলেও বিস্ফোৰক বেটিঙেৰে খেলৰ আৰম্ভণিৰ পৰাই দলটোক শক্তিশালী স্থিতিলৈ লৈ যায় ৷ ৰোহিত শৰ্মাই 67 বলত 83 ৰাণ আৰু শুভমন গীলে 60 টা বলত 70 ৰাণ সংগ্ৰহ কৰে (India beats Sri Lanka in first ODI) ৷
ইফালে শ্ৰীলংকাৰ হৈ অপেনাৰ পাথুম নিশাংকে 80 টা বলত 72 ৰাণ কৰাৰ বিপৰীতে অধিনায়ক দাছুন শানাকাই 88 টা বলত অপৰাজিতভাৱে 108 ৰাণৰ এটা সুন্দৰ ইনিংছ খেলে ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে খেলখনত পৰাজয় স্বীকাৰ কৰিব লগীয়া হয় শ্ৰীলংকাই ৷ খেলৰ অন্তত বিৰাট কোহলীক মেন অৱ দ্য মেচ ঘোষণা কৰা হয় (Virat Kohli 45th ODI century) ৷
আজিৰ খেলখনত দৰ্শকৰ শাৰীত দেখা গ’ল সপত্নীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ তেওঁক সংগ দিয়ে অসম ক্ৰিকেট এচ’ছিয়েচনৰ নৱ নিযুক্ত সভাপতি তথা নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে ৷
লগতে পঢ়ক:India Vs Sri Lanka 1st ODI: এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত 67 ৰাণত জয়লাভ ৰোহিত বাহিনীৰ