অসম

assam

বাজেটত ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ নিৰ্দেশনা নাই: মনোৰঞ্জন তালুকদাৰ

By

Published : Mar 16, 2022, 9:55 PM IST

বাজেটক লৈ চি পি আইৰ (এম)ৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ বাজেটত সচৰাচৰ ঘোষণা কৰি থকা আঁচনিৰ ছীল মোহৰ মৰা হৈছে । অসমৰ উন্নয়ন নিশ্চিত কৰিব পৰাকৈ কোনো পৰিকল্পিত আঁচনি বাজেটত ঘোষণা কৰা হোৱা নাই । কৃষি অৰ্থনীতি টনকিয়াল কৰাৰ কোনো আঁচনি নাই(CPIM MLA reacts on Assam budget 2022) ।

CPIM REACTS ON BUDGET 2022
বাজেটত ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ নিৰ্দেশনা নাই : মনোৰঞ্জন তালুকদাৰ

গুৱাহাটী,১৬ মাৰ্চ :মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ ৰাজ্যিক বাজেট বুধবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত দাখিল কৰিলে (Assam Budget 2022)। বুধবাৰে প্ৰকাশ কৰা বাজেটত উল্লেখ কৰা হ’ল বহুকেইটি সিদ্ধান্ত ৷ এই বাজেটক লৈ ৰাজনৈতিক মহলতো বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হ'ল ৷ বাজেটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে চি পি আইৰ (এম) বিধায়ক মনোৰঞ্জন তালুকদাৰে(CPIM MLA reacts on budget 2022)।

তেওঁ কয় যে, "বাজেটত ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ দিশত কোনো নিৰ্দেশনা নাই ।" ২০২২-২৩ বৰ্ষৰ পূৰ্ণাংগ বাজেট সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চি পি আইৰ (এম) বিধায়ক মনোৰঞ্জন তালুকদাৰে(Budget reaction of CPIM)।

বাজেটত ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ নিৰ্দেশনা নাই : মনোৰঞ্জন তালুকদাৰ

তেওঁ কয় যে, "বাজেটত সচৰাচৰ ঘোষণা কৰি থকা আঁচনিৰ ছীল মোহৰ মৰা হৈছে । অসমৰ উন্নয়ন নিশ্চিত কৰিব পৰাকৈ কোনো পৰিকল্পিত আঁচনি বাজেটত ঘোষণা কৰা হোৱা নাই । কেৱল সেয়াই নহয়, কৃষি অৰ্থনীতি ক্ষেত্ৰখন টনকিয়াল কৰাৰ কোনো আঁচনি নাই ।"

তেওঁ লগতে কয় যে, "সেইদৰে উদ্যোগ খণ্ডৰ বাবেও কোনো আঁচনি নাই । বাজেটত কৃষি আৰু উদ্যোগ খণ্ডক গুৰুত্ব প্ৰদান কৰা নাই । এইখন বাজেটে সৰ্বাসাধাৰণ ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰিব পাৰিব বুলি আমি নাভাবো ৷"

লগতে পঢ়ক : Assam Budget 2022-23: যোগাযোগ ব্যৱস্থা উন্নীতকৰণৰ বাবে চাৰে আঠ হাজাৰ কোটি

ABOUT THE AUTHOR

...view details