গুৱাহাটী, 23 মে' : বটদ্ৰৱাৰ ঘটনাৰ ন্যায়িক তদন্ত দাবী কৰিছে চিপিআই (এম) এ(CPIM want justice of Batadrava incident) ৷ নগাঁও জিলাৰ বটদ্ৰৱা থানাত ধিঙৰ ছালনাবড়ী গাঁৱৰ এজন যুৱকৰ আৰক্ষীৰ জিম্মাত থকা অৱস্থাত মৃত্যু হোৱাৰ পাছতে ২১ মে'ৰ দিনৰ ভাগতে থানাখনত সংঘটিত অগ্নিসংযোগৰ ঘটনা আৰু ২২ মে'ত আৰক্ষীয়ে গাঁৱবাসীৰ ওপৰত চলোৱা অত্যাচাৰৰ ঘটনাত চিপিআই (এম)ৰ অসম ৰাজ্যিক কমিটীয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৷
দলটোৱে সমস্ত ঘটনাৰ উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবী(CPIM demands ensuring rule of law in the state) জনোৱাৰ লগতে আইনৰ শাসন হাতত তুলি লোৱা দোষী আৰক্ষী বিষয়া, থানা জ্বলোৱা এচাম দুৰ্বৃত্ত আদি সকলোৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ৷
লগতে চাওক:Mob torches Police Station: বটদ্ৰৱা থানাত আক্ৰমণৰ লগত জড়িত কেইবাজনকো আটক
চিপিআই (এম)-ৰ ৰাজ্যিক কমিটীয়ে এক বিবৃতিযোগে কয় যে, ছালনাবড়ী গাঁৱৰ পোনা মাছৰ ব্যৱসায়ী ছফিকুল ইছলাম নামৰ এজন যুৱকক ২০ মে'ৰ নিশা আৰক্ষীয়ে আটক কৰি বটদ্ৰৱা থানালৈ আনে আৰু তেওঁৰ মুক্তিৰ বাবদ ছফিকুলৰ পত্নীৰ পৰা এটা হাঁহ আৰু দহ হেজাৰ টকা দাবী কৰে ৷
আৰক্ষীয়ে বিচৰা মতে পত্নীয়ে ধনৰ যোগাৰ কৰিব নোৱাৰি হাঁহ এটাকে লৈ নিশাই থানালৈ যায় ৷ কিন্তু আৰক্ষীৰ দাবী পূৰণ নোহোৱাত পত্নীৰ সন্মুখতে ছফিকুলক প্ৰচণ্ড প্ৰহাৰ কৰে বুলি অভিযোগ উত্থাপন হৈছে ৷ পত্নী উভতি আহি পাছদিনা টকা লৈ পুনৰ থানালৈ যাওঁতে ছফিকুল নগাঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হোৱা বুলি আৰক্ষীৰ পৰাই জানিব পাৰে ৷
কিন্তু অসামৰিক চিকিৎসালয়খনত পত্নী সহ আত্মীয়সকলে ছফিকুল ইছলামক মৃত অৱস্থাত 'পোষ্টম’ৰ্টেম' কক্ষতহে দেখে ৷ এই ঘটনা ছফিকুলৰ গাঁৱত বনজুইৰ দৰে প্ৰচাৰ হোৱাৰ লগে লগে উত্তেজনাৰ সৃষ্টি হয় আৰু একাংশ লোকে বটদ্ৰৱা থানালৈ আহি প্ৰতিবাদ কৰাৰ লগতে থানাখনতো অগ্নিসংযোগ কৰি ছাৰখাৰ কৰে ৷ কেৱল এয়াই নহয়, আৰক্ষীৰ ওপৰতো একাংশ উত্তেজিত লোকে আক্ৰমণ কৰে বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে ৷
লগতে চাওক:Tense Situation at Batadrava: উত্তেজিত লোকে জ্বলাই দিলে বটদ্ৰৱা আৰক্ষী থানা
চিপিআই(এম) ৰ অসম ৰাজ্যিক কমিটীয়ে আৰক্ষীৰ জিম্মাত ছফিকুল ইছলামৰ মৃত্যু আৰু একাংশ দুষ্কৃতিকাৰীৰ দ্বাৰা থানা জ্বলাই দিয়াৰ ঘটনাক তীব্ৰ নিন্দা আৰু সমস্ত ঘটনাৰ উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবী কৰিছে দলটোৱে ৷ আইনৰ শাসন কোনো পক্ষই হাতত তুলি ল'ব নোৱাৰে বুলি পাৰ্টীয়ে দৃঢ় মত প্ৰকাশ কৰিছে ৷
আটাইতকৈ উদ্বেগজনক কথাটো হৈছে ২২ মে'ত অঞ্চলটোত আৰক্ষীয়ে সম্পূৰ্ণ আইন নিজৰ হাতত তুলি লৈছে আৰু কোনো বিচাৰ নকৰাকৈ আৰক্ষী প্ৰশাসনে স্থানীয় লোকসকলৰ ঘৰ-দুৱাৰ এফালৰ পৰা ভাঙি নিৰ্মম উচ্ছেদ অভিযান আৰম্ভ কৰি দিছে ৷ এইসকল লোকক আৰক্ষীয়ে অবৈধ দখলকাৰী, সন্দেহজনক নাগৰিক, বাংলাদেশী, 'জেহাদী' আদি আখ্যা দি উৎপীড়ন-অত্যাচাৰ চলাই আছে ৷
ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাতে অসম আৰক্ষীয়ে সাম্প্ৰদায়িক অপপ্ৰচাৰতো লিপ্ত হৈছে ৷ আইনী প্ৰক্ৰিয়াৰে 'বাংলাদেশী' বা 'অবৈধ নাগৰিক' বুলি চিনাক্ত হোৱাৰ আগতেই ধৰ্মীয় সংখ্যালঘুসকলৰ একাংশ লোকৰ ওপৰত এনেদৰে অত্যাচাৰ চলোৱাটো সম্পূৰ্ণ আইন বিৰুদ্ধ আৰু কোনো আধুনিক সভ্য সমাজত এয়া গ্ৰহণযোগ্য নহয় বুলি শেহতীয়াভাৱে ২৮ এপ্ৰিলত বৰপেটাৰ চেছন ন্যায়াধীশৰ আদালতে গুজৰাটৰ বিধায়ক জিগনেছ মেৱানীৰ জামিন আৱেদন মঞ্জুৰ(Bail granted for Jignesh Mevani) কৰি অসমত বৰ্তমান চৰকাৰৰ শাসনত ‘পুলিচৰাজ’ চলাৰ আশংকা কৰি এটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰি ৰায়দান কৰিছিল ৷
আজি ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ শাসনকালত সেই আশংকা বাস্তৱত পৰিণত হ'বলৈ গৈ আছে বুলি চিপিআই (এম) দলে মত প্ৰকাশ কৰিছে ৷ দৰাচলতে আৰক্ষীয়ে আইনৰ শাসন ৰক্ষাৰ সলনি ৰাজ্যত আইনহীনতাৰহে সূচনা কৰিছে ৷ দলটোৱে বটদ্ৰৱাৰ ঘটনাৰ খৰতকীয়া ন্যায়িক তদন্তৰ দাবী জনোৱাৰ লগতে দোষী আৰক্ষী আৰু থানা জ্বলোৱা দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে কঠোৰ আইনগত শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে ৰাজ্যত আইনৰ শাসন প্ৰতিষ্ঠাৰ দাবী সজোৰে উত্থাপন কৰিছে ৷
লগতে চাওক:জিগনেশ মেৱানীৰ জামিনৰ ৰায়দান সন্দৰ্ভত দিয়া পৰ্যবেক্ষণত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ