গুৱাহাটী, ২ এপ্ৰিল: দেশৰ কেইবাখনো চহৰত মহামাৰী কৰ'ণাই পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে । অসমতো এতিয়া ক্ৰমাৎ কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে । কিন্তু অসমত এতিয়া সকলো ব্যস্ত নিৰ্বাচনক লৈ । ক'ভিড প্ৰট'কলক জলাঞ্জলি দি অসমত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে । ইতিমধ্যে দুটা পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ গৈছে ।
জনস্বাস্থ্যৰ কথা চিন্তা নকৰি শাসক-বিৰোধী সকলো দল আৰু প্ৰাৰ্থীয়ে মাস্ক পৰিধান কৰা, সামাজিক ব্যৱধান মানি চলা আদি ক'ভিডৰ সাধাৰণ বিধি উলংঘা কৰি অতি বিপদজনকভাৱে হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ নিৰ্বাচনী সভাত অংশ লোৱা দেখা গৈছে । ইপিনে, ক'ভিডৰ দ্বিতীয় ঢৌৰ সূচনা হোৱাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ইতিমধ্যে জাননীযোগে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ লগতে সব-এ-বাৰাত, ইষ্টাৰ, ঈদ-উল-ফিটৰ ইত্যাদি উৎসৱ পালনৰ ক্ষেত্রত ৰাজ্য চৰকাৰসমূহলৈ কৰ্তৃত্ব এৰি দিছে ।
নিৰ্বাচনী প্ৰচাৰৰ সময়ত ক'ভিড বিধি উলংঘন কেন্দ্ৰীয় চৰকাৰৰ এই সতৰ্কবাণীৰ পাছতেই অসমতো পুনৰ লকডাউন হ'ব নেকি, তাক লৈ সৰ্বসাধাৰণ নাগৰিকৰ মাজত উৎকণ্ঠাই দেখা দিছে । কিন্তু ৰাইজৰ এই উৎকণ্ঠাৰ মাজতে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমত ক'ভিড নাই আৰু কোনো কাৰণতে লকডাউন নহয় বুলি ঘোষণা কৰিছে । কিন্তু মন্ত্রীগৰাকীৰ এই অভয়বাণীক লৈ ৰাইজ আশ্বস্ত হ'ব পৰা নাই । নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্রীগৰাকীয়ে এনে মন্তব্য কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে ।
নিৰ্বাচনৰ পাছত পৰিস্থিতিৰ দোহাই দি উৎসৱ-পাৰ্বণ আদি অনুষ্ঠিত কৰাৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ নকৰিব যে তাৰ কোনো নিশ্চয়তা নাই । ইফালে, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ক'ভিড সংক্ৰমণৰ বিষয়টোক উলাই কৰিব বিচাৰিলেও কামৰূপ মহানগৰ জিলা প্ৰশাসনে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা বুলি সদৰি কৰিছে । আনকি, প্ৰশাসনে ৰাইজক ক'ভিড প্ৰট'কল মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে জৰিমনা বিহা হ'ব বুলিও সকীয়াই দিছে ।
উল্লেখ্য যে, প্ৰতিদিনেই অসমত কৰ'ণা আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে । লক্ষণীয় বিষয় যে, বিগত বৰ্ষৰ এই সময়চোৱাত অসমসহ সমগ্ৰ দেশতে কঠোৰ লকডাউন অব্যাহত আছিল । দীঘলীয়া লকডাউনৰ পাছত পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হৈছিল যদিও এতিয়া পুনৰ পৰিস্থিতি বেয়াৰ ফালে গতি কৰিছে । দেশত আৰম্ভ হৈছে ক'ভিডৰ দ্বিতীয় ঢৌ । কিন্তু এনে এক পৰিস্থিতিৰ মাজতো একমাত্র নিৰ্বাচনৰ স্বাৰ্থত স্বাস্থ্য মন্ত্ৰী ড০ শৰ্মাই অসমত ক'ভিড নাই বুলি কৈ এক কথাত ৰাইজক বিপদৰ মুখলৈ থেলি দিয়া বুলি অভিযোগ উঠিছে ।
আনহাতে মন্ত্ৰী শৰ্মাই অসমত লকডাউন নহয় আৰু বিহু উদযাপনত কোনো বাধা নহ'ব বুলি ঘোষণা কৰাত মন্ত্ৰীজনৰ সাংবিধানিক কৰ্তৃত্বক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে । বৰ্তমান নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ আছে । স্বাভাৱিকতেই এতিয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে মন্ত্ৰী হিমন্তই নিৰ্বাচনী প্ৰচাৰৰ নামত ৰাইজক আশ্বস্ত কৰিবলৈ এই ঘোষণা কৰিছে নেকি ? নে নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ দৰে লকডাউন নহয় বুলি প্ৰতিশ্ৰুতি দি সৰ্বসাধাৰণ নাগৰিকক আঁঁভুৱা ভাৰিব বিচাৰিছে ৷
কিয়নো, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লকডাউন নহয় বুলি ঘোষণা কৰিবলৈ ক্ষমতা তথা কৰ্তৃত্ব আছে জানো ? নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ লগে লগে মন্ত্ৰী-বিধায়কে সংবিধানিকভাৱে কোনো ঘোষণা কৰিব নোৱাৰে আৰু কোনো নিৰ্দেশনাও দিব নোৱাৰে ৷ কেৱল প্ৰশাসনৰ মুৰব্বীৰহে লকডাউন সম্পৰ্কীয় ঘোষণা কৰাৰ কৰ্তৃত্ব আছে ৷ তেনেস্থলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোনো ধৰণৰ প্ৰশাসনীয় ঘোষণা কৰিবলৈ কৰ্তৃত্ব নাই ।
তথাপিও তেওঁ এখনৰ পাছত আনখন নিৰ্বাচনী প্ৰচাৰ সভাত ক'ভিডৰ প্ৰসংগক লৈ ৰাইজক আঁভুৱা ভাৰি আহিছে । লক্ষণীয় বিষয় যে, মন্ত্ৰী শৰ্মাৰ বিৰুদ্ধেহে ক'ভিড বিধিক জলাঞ্জলি দি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অভিযোগ উঠিছে । য'ত মন্ত্ৰীজনে নিজেই মাস্ক পৰিধান নকৰাৰ লগতে সামাজিক ব্যৱধানো মানি চলা নাই । এনে কাৰ্যৰ দ্বাৰা এজন জনপ্ৰতিনিধিয়ে জনতাক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন হৈছে ।
প্ৰচাৰৰ নামত দায়িত্বশীল মন্ত্ৰীজনে হাজাৰ হাজাৰ সমৰ্থকক বিপদৰ মুখলৈ ঠেলি দিয়াৰো অভিযোগ উঠিছে । ইফালে, নিৰ্বাচনৰ এই সময়চোৱাত প্ৰতিটো ক্ষেত্রতে পদে পদে নিৰ্বাচনী আয়োগে জাৰি কৰা ক'ভিড বিধি উলংঘা কৰা হৈছে যদিও নিৰ্বাচনী আয়োগ নীৰৱ দৰ্শক হৈ আছে । উল্লেখ্য যে, নিৰ্বাচনৰ পাছত ক'ভিডৰ দ্বিতীয় ঢৌৱে অসমত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আশংকা কৰা হৈছে ।
লগতে পঢ়ক:আজমলে গামোছা দলিওৱাক লৈ জিয়াউৰ ৰহমানৰ প্ৰতিক্ৰিয়া