অসম

assam

By

Published : Jun 16, 2020, 12:16 AM IST

ETV Bharat / state

গুৱাহাটীৰ সৰ্বাধিক স্থানেই কন্টেইনমেন্ট জ'নলৈ পৰিণত

শেহতীয়াকৈ কামৰূপ মহানগৰত দ্ৰুত গতিত কৰ'ণা ৰোগী চিনাক্ত হোৱাৰ পিছতেই বৃদ্ধি পাইছে কন্টেইনমেন্ট জ'নৰ সংখ্যা । সোমবাৰৰ দিনটোত ২০টাকৈ স্থান নতুনকৈ কন্টেইনমেন্ট ৰূপে ঘোষণা কৰা হয় ।

গুৱাহাটীৰ সৰ্বাধিক স্থানেই কন্টেইনমেন্ট জ'নলৈ পৰিণত
গুৱাহাটীৰ সৰ্বাধিক স্থানেই কন্টেইনমেন্ট জ'নলৈ পৰিণত

গুৱাহাটী, 15 জুনঃ গুৱাহাটীত পুনৰ বৃদ্ধি হ'ল কন্টেইনমেন্ট জ'নৰ সংখ্যা । ১০৯ টালৈ বৃদ্ধি পালে কন্টেইনমেন্ট জ'ন । ইয়াৰে ২৯টা স্থান মুকলি হৈছে যদিও ৮০টা বৰ্তমান কন্টেইনমেন্ট হিচাপে আছে । শেহতীয়াকৈ কামৰূপ মহানগৰত দ্ৰুত গতিত কৰ'ণা ৰোগী চিনাক্ত হোৱাৰ পিছতে এনেদৰেই এটাৰ পিছত এটাকৈ স্থান পৰিণত হৈছে কন্টেইনমেন্ট জ'ন হিচাপে ৷

গুৱাহাটীত 109 লৈ বৃদ্ধি কন্টেইনমেন্ট জ'নৰ সংখ্যা
গুৱাহাটীত 109 লৈ বৃদ্ধি কন্টেইনমেন্ট জ'নৰ সংখ্যা

সোমবাৰৰ দিনটোত ২০টাকৈ স্থান কন্টেইনমেন্ট ৰূপে ঘোষণা কৰা হয় । বৰ্তমান অসমত কৰ'ণা আক্ৰান্তৰ মুঠ সংখ্যা হৈছে 4185 গৰাকী । তাৰে ভিতৰত 8 গৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে আৰোগ্য হৈছে 2205 টা ।

ABOUT THE AUTHOR

...view details