অসম

assam

By

Published : Mar 19, 2021, 8:51 PM IST

ETV Bharat / state

বিজেপিৰ নেতাই মহিলাক সন্মান কৰিব নাজানেঃ অলকা লাম্বা

বিজেপি চৰকাৰে পুঁজিপতিৰ স্বাৰ্থতে কাম কৰি আহিছে। এইখন চৰকাৰৰ দিনতে ৩ কোটি ২০ লাখ মানুহ দেশত নিৱনুৱা হ'ল। লক ডাউনৰ সময়ত আদানি-অম্বানীৰ আয় বৃদ্ধি হ'ল।

বিজেপিৰ নেতাই মহিলাক সন্মান কৰিব নাজানেঃ অলকা লাম্বা
বিজেপিৰ নেতাই মহিলাক সন্মান কৰিব নাজানেঃ অলকা লাম্বা

গুৱাহাটী,১৯ মাৰ্চঃ বিজেপিৰ নেতাসকলে মহিলাক সন্মান কৰিব নাজানে। সাংবিধানিক পদবীত থকা বিজেপিৰ নেতাসকলে মহিলাৰ সাজ-পোছাকৰ প্ৰতি দৃষ্টি ৰাখে আৰু মন্তব্য কৰে। এই মন্তব্য কংগ্ৰেছৰ জেষ্ঠ নেত্রী তথা দিল্লীৰ বিধায়িকা অলকা লাম্বাৰ। শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেত্রীগৰাকীয়ে কয়- 'বিজেপি নেতাই সংবিধানৰ শপত খাই চৰকাৰ বনোৱাৰ পিছত মহিলাই কি পিন্ধিব কি নিপিন্ধিব তাক নিৰূপণ কৰিব বিচাৰিছে ৷ হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে মহিলাৰ সাজ-পোছাকক লৈ মন্তব্য কৰাটো দুৰ্ভাগ্যজনক। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়েও আপত্তিজনক মন্তব্য কৰিছে। আৰ এছ এছৰ প্ৰধান মোহন ভাগৱতো একেই । এই ক্ষেত্রত আৰম্ভণি কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিজেপি চৰকাৰে মহিলাক সুৰক্ষা দিব পৰা নাই। এই ক্ষেত্রত অসমৰ ৰাইজে নিজেই বিবেচনা কৰিব। বিজেপি চৰকাৰে পুঁজিপতিৰ স্বাৰ্থতে কাম কৰি আহিছে। এইখন চৰকাৰৰ দিনতে ৩ কোটি ২০ লাখ মানুহ দেশত নিৱনুৱা হ'ল।

বিজেপিৰ নেতাই মহিলাক সন্মান কৰিব নাজানেঃ অলকা লাম্বা

লক ডাউনৰ সময়ত আদানি-অম্বানীৰ আয় বৃদ্ধি হ'ল। সাধাৰণ মানুহৰ অৱস্থা পানীত হাঁহ নচৰা হ'ল।' তেওঁ লগতে কয়- 'অসমৰ এই নিৰ্বাচনৰ প্ৰতি দেশবাসীৰ দৃষ্টি আছে। কিয়নো নিৰ্বাচন হ'বলগীয়া পাঁচ ৰাজ্যৰ ভিতৰত অসমতেই বিজেপিৰ চৰকাৰ আছে ৷ অসমত এইবাৰ ৰাইজে বিজেপিক আঁতৰালেই দেশৰ অন্যান্য ৰাজ্যলৈ এটা ডাঙৰ বাৰ্তা যাব ৷ সেয়ে অসমবাসীক মই শান্তিপূৰ্ণভাৱে বিবেচনা কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অনুৰোধ জনালোঁ। আনহাতে বিগত সাত বছৰ ধৰি কেন্দ্ৰত বিজেপিৰ চৰকাৰ আছে আৰু এই সাত বছৰত সাত হাজাৰ লোকক ইউ পি এ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে ৷ চৰকাৰৰ বেয়া কামৰ বিৰুদ্ধে মাত মাতিলেই ইউ পি এৰ অধীনত চৰকাৰে গোচৰ তৰে।' সংবাদমেলত তেওঁ কংগ্ৰেছৰ পাঁচটা গেৰাণ্টিৰ কথা উল্লেখ কৰে।

সংবাদমেলত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ বল্লভে কয়- 'অসমত ডাৱল ইঞ্জিনৰ চৰকাৰ চলি আছে। এটা ইঞ্জিনে তেলৰ দাম কমালে আনটো ইঞ্জিনৰ চৰকাৰে তেলৰ দাম বঢ়াই দিয়ে। বুজাবুজিৰে চলি আছে ডাৱল ইঞ্জিন। খাৰুৱা তেলৰ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মূল্যৰ বিপৰীতে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি চৰকাৰে মূল্য নিৰ্ধাৰণ কৰে। এতিয়া নিৰ্বাচনৰ সময় বাবে তেলৰ দাম বৃদ্ধি কৰা নাই। উল্লেখ্য যে, সংবাদমেলত কংগ্ৰেছৰ দুয়োগৰাকী নেতাই বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।

লগতে পঢ়কঃ চেঙাৰ হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শুকুৰ আলীৰ পত্নীয়ে

ABOUT THE AUTHOR

...view details